Page Nav

HIDE

২২ নৱেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী ঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ সময়ছোৱাতে আ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী ঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ সময়ছোৱাতে আজি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে ৫৯৭টা উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ দিন ঘোষণা কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে ৩০ নৱেম্বৰৰ ভিতৰত ৫৯৭টা উপ-পৰিদৰ্শক পদৰ পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি দিব। অৰ্থাৎ ৩০ নৱেম্বৰৰ ভিতৰত ৫৯৭জন আৰক্ষীৰ উপ-পৰিদৰ্শকক নিযুক্তি দিব বুলি ঘোষণা কৰিছিল। তেওঁ এই কথা ঘোষণা কৰি এইবুলিও কৈছিল যে ৰাজ্যবাসীয়ে প্ৰতিভাসম্পন্ন উপ-পৰিদৰ্শক লাভ কৰিব। 

স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক নিযুক্তি দিয়া হ’ব। উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত অসম আৰক্ষীৰ ৫৯৭টা উপ-পৰিদৰ্শক পদৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ কিছু ক্ষণৰ পিছতে হোৱাট্ছএপে হোৱাট্ছএপে ঘূৰিবলৈ ধৰে উপ-পৰিদৰ্শক পদৰ প্ৰশ্নকাকত। ইয়াৰ পিছতেই ৫৯৭টা উপ-পৰিদৰ্শক পদৰ পৰীক্ষা বাতিল কৰা হৈছিল। লগতে এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। তদন্ত প্ৰক্ৰিয়া চিআইডিৰ হাতত অৰ্পণ কৰাত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ গতিৰে আগবাঢ়িবলৈ ধৰে। তদন্ত প্ৰক্ৰিয়া চলাই থকাৰ মাজতেই প্ৰশ্নকাকত ফাদিলৰ লগত বহু লোক জড়িত থকাৰ তথ্য পোহৰলৈ আহে। 

ইতিমধ্যে এই প্ৰশ্নকাকত ফাদিল তথা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত বিজেপি নেতা দিবন ডেকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আত্মসমৰ্পণ কৰিবলৈ অহা অৱস্থাতেই বিজেপি নেতাগৰাকীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁক সোধা-পোছা চলাই আছে অসম আৰক্ষীয়ে। ইয়াৰ মাজতে আজি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম আৰক্ষীৰ ৫৯৭টা উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ দিন ঘোষণা কৰিছে। ঘোষণা অনুসৰি অহা ২২ নৱেম্বৰত উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। তেওঁলোকে প্ৰাৰ্থীসকলক নিশ্চিতি প্ৰদান কৰি কয় যে আৰক্ষী পদত নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিকা আৰু স্বচ্ছতাৰে সম্পন্ন কৰা হ’ব। পৰীক্ষাৰ পদ্ধতি সম্পৰ্কীয় বিশ¸দ বিৱৰণ যথা সময়ত আনুষ্ঠানিকভাৱে জাননী যোগে প্ৰকাশ কৰিব বুলিও বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে আৰক্ষী নিযুক্তি বোৰ্ডে।