ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২১ অক্টোবৰ : যোৰহাটৰ সুসন্তান , জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰধান স্থপতি প্ৰয়াত তুলসী নাৰায়ণ শৰ্মা দেৱৰ সুপুত্ৰ এছ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২১ অক্টোবৰ : যোৰহাটৰ সুসন্তান , জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰধান স্থপতি প্ৰয়াত তুলসী নাৰায়ণ শৰ্মা দেৱৰ সুপুত্ৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰাক্তন সঞ্চালক, নেডফিৰ প্ৰথমজন অধ্যক্ষ তথা পৰিচালনা সঞ্চালক , অসম চৰকাৰৰ প্ৰাক্তন অৰ্থনৈতিক উপদেষ্টা , প্রসিদ্ধ অৰ্থনীতিবিদ ড° জয়ন্ত মাধৱদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে আজি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই জগন্নাথ বৰুৱা মহাবিদ্যালয় আছু গোট আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ যৌথ সহযোগত মহাবিদ্যালয়ৰ বৰপাত্ৰ কুটীৰৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিজয় শংকৰ বৰদলৈয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত প্ৰয়াত অৰ্থনীতিবিদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলেনেৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিয়ালৰ হৈ অধ্যক্ষ ড°বিমল চন্দ্ৰ বৰাদেৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানটো আৰম্ভ কৰে । তেখেতে নিজৰ বক্তব্যত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতি প্ৰয়াত ড°জয়ন্ত মাধৱ দেৱ আৰু পৰিয়ালৰ অকৃত্ৰিম ভালপোৱা আৰু নিস্বাৰ্থ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি বক্তব্য প্ৰদান কৰে ৷শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অসম আন্দোলনৰ অগ্ৰণী নেতা সমীৰণ বৰদলৈ উপস্থিত থাকি ড° জয়ন্ত মাধৱদেৱে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ কৃষি অৰ্থনীতিক প্ৰতিষ্ঠা কৰিবৰ বাবে চলোৱা অহৰহ প্ৰচেষ্টাক স্মৰণ কৰাৰ লগতে তেনে এজন গৌৰৱৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তোলাৰ লগতে অসমে এজন ভৱিষ্যতদ্ৰষ্টাক হেৰুৱালে বুলি বক্তব্য ৰাখে । অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জুল খাউণ্ডে কয় , লণ্ডন স্কুল অৱ ইকনমিকছৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰয়াত অৰ্থনীতিবিদ গৰাকীৰ নিজৰ মাতৃভূমিৰ প্ৰতি থকা অপৰিসীম প্ৰেমৰ বাবেই তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত উচ্চ পদবীত থাকিও নিজ মাতৃভূমিলৈ উভতি আহিছিল । তেখেতৰ বৰ্ণময় কৰ্মজীৱনত বহুকেইটা সন্মান আৰু খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল । এইয়া অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি । তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কথা ছাত্ৰনেতাজনে বক্তব্যত উল্লেখ কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা,যোৰহাট জিলা ক্ৰীড়া সন্থা,যোৰহাট সংগীত শিল্পী সংস্থা,জ্যোতি চিনে ক্লাৱ,অসম সাহিত্য সভা,তৰাজান সন্মিলন,অসম চেম্বাৰছ অব কমাৰ্চ,সময় ক্লাৱ আদিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত অৰ্থনীতিবিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ।
No comments