Page Nav

HIDE

কাজিৰঙাত দেশ - বিদেশৰ পৰ্যটকৰ বাবে আৰ্টফেডৰ বিক্ৰী কেন্দ্ৰ মুকলি : টেস্কটাইল পাৰ্ক নিৰ্মাণৰ প্ৰস্তুতি

গণ বাৰ্তা,বোকাখাত, ১১ অক্টোবৰ  : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ - বিদেশৰ পৰ্যটকৰ সুবিধা হোৱাকৈ তথা স্থানীয় শিপিনীক আৰ্থিক ভাৱ...



গণ বাৰ্তা,বোকাখাত, ১১ অক্টোবৰ  : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ - বিদেশৰ পৰ্যটকৰ সুবিধা হোৱাকৈ তথা স্থানীয় শিপিনীক আৰ্থিক ভাৱে সাৱলম্বী কৰাৰ উদ্দেশ্যে কাজিৰঙাৰ কহঁৰাত আজি আৰ্টফেডৰ এখন বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় । আৰ্টফেডৰ কৰ্মী, স্থানীয় ৰাইজ , পৰ্যটন বিভাগৰ লোক অংদিৰ উপস্থিতিত আজি আৰ্টফেডৰ  কাৰ্যবাহী অভিযন্তা কোশল কুমাৰে আত তধা অনুষ্ঠানত   আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল চন্দ্ৰ ডেকাই ফিতা কাটি আনুষ্ঠানিক ভাৱে আৰ্টফেডৰ নতুন বিক্ৰী কেন্দ্ৰটো মুকলি কৰে । ইয়াৰ পিছত অনুষ্ঠিত হোৱা এক সভাত আৰ্টফেডৰ তৰফৰ পৰা কাজিৰঙাৰ পৰ্যটন বিষয়া বাসব বৰা , কাজিৰঙাৰ জেষ্ঠ সাংবাদিক স্বপন নাথ আৰু  চিদানন্দ ধৰক একোখনকৈ গামোচাৰে আদৰণি জনায় ।  আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল চন্দ্ৰ ডেকাই জানিব দিয়া মতে শিবসাগৰৰ মেগা ক্লাষ্টাৰ আচঁনিৰ অধীনত ভাৰত চৰকাৰৰ হস্ত তাত বস্ত্ৰ মন্ত্ৰালয়ৰ আচঁনিৰ আৰ্থিক অনুদানেৰে কাজিৰঙাৰ বিক্ৰী কেন্দ্ৰটো নিৰ্মাণ কৰা হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকে আমাৰ  ৰাজ্যখনৰ শিপিনীয়ে প্ৰস্তুত কৰা সামগ্ৰী এই কেন্দ্ৰটোৰ পৰা ক্ৰয় কৰিব পাৰিব । উল্লেখ্য ইতিমধ্যে ৰাজ্যখনৰ হস্ত তাত বস্ত্ৰ শিল্প  বিভাগে  কাজিৰঙাত এখন "টেস্কটাইল পাৰ্ক" নিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আচঁনি দাখিল কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে ধন মুকলাই দিলে অতি সোনকালে কাজিৰঙাত উক্ত পাৰ্ক নিৰ্মাণৰ কাম আৰম্ভ কৰা হব বুলি আৰ্টফেডৰ পৰিচালন সঞ্চালকে জানিব দিয়ে । অন্যহাতে কাজিৰঙাৰ কহঁৰাত অসম পৰ্যটন উন্নয়ণ নিগমৰ অৰণ্য পৰ্যটন নিবাসৰ কাষত প্ৰায় কুৰি বছৰ পূৰ্বে আৰ্টফেডৰ এখন বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছিল যদিও ভৱনটো পুৰণি হৈ যোৱাত পুনৰ ইয়াৰ কাষত নতুনকৈ এটি ভৱন নিৰ্মাণ কৰা হয় আৰু আজি এই ভৱন অৰ্থাৎ নতুন বিক্ৰী কেন্দ্ৰটো মুকলি কৰা হয় । উল্লেখ্য কাজিৰঙাৰ আৰ্টফেডৰ পুৰণি গৃহটো পুনৰ মেৰামতি কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ সুবিধা হোৱাকৈ আটক ধুনীয়া কৰি তুলিব বুলি পৰিচালন সঞ্চালক মুকুল চন্দ্ৰ ডেকাই মত প্ৰকাশ কৰে । ইফালে  কাজিৰঙাত আৰ্টফেড আৰু পৰ্যটন বিভাগে যুটীয়া ভাৱে কাজিৰঙালৈ অহা দেশ - বিদেশৰ পৰ্যটকৰ সুবিধা হোৱাকৈ তথা স্থানীয় লোকৰ আৰ্থিক উন্নয়নৰ কথা চিন্তা কৰি কাজিৰঙাত "পৰ্যটন গাঁও "  নিৰ্মাণ কৰিবলৈ  কাজিৰঙাস্থ পৰ্যটন বিষয়া বাসব বৰাই  আজিৰ সভাত আৰ্টফেডৰ পৰিচালন সঞ্চালকক আহ্বান জনায় । আৰ্টফেডৰ  জেষ্ঠ শাখা পৰিচালক জয়ৰাম পাটৰে শলাগৰ শৰাই আগবঢ়ায় ।