Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কংগ্ৰেছৰ মহাজোঁটত অন্তৰ্ভূক্ত নহয় অসম জাতীয় পৰিষদঃ অদীপ ফুকন

  পুলেন্দ্ৰ দাস, বৰপেটা, ২১ অক্টোবৰ :   ‘অসমত ৬৫ শতাংশ আৰু ৩৫ শতাংশ ভোটাৰৰ যুদ্ধৰে নিৰ্বাচনত জয়ী হ’ব বিচাৰিছে বিজেপিয়ে।’ —এই মন্তব্য বিশিষ্ট...

 



পুলেন্দ্ৰ দাস, বৰপেটা, ২১ অক্টোবৰ :   ‘অসমত ৬৫ শতাংশ আৰু ৩৫ শতাংশ ভোটাৰৰ যুদ্ধৰে নিৰ্বাচনত জয়ী হ’ব বিচাৰিছে বিজেপিয়ে।’ —এই মন্তব্য বিশিষ্ট সাংবাদিক তথা অসম জাতীয় পৰিষদৰ নেতা অদীপ ফুকনৰ । আজি বৰপেটাত তেওঁ কয় যে ৬৫ শতাংশ হিন্দু আৰু ৩৫ শতাংশ মুছলমানৰ ভোটাৰৰ যুদ্ধৰে বিজেপিয়ে নিৰ্বাচনী যুঁজত জয়ী হ’ব বিচাৰিছে । আজি বৰপেটা চহৰৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান সভাত বিশিষ্ট সাংবাদিকগৰাকীয়ে লগতে কয় যে অসমীয়াৰ মাজত বিভাজন কৰাৰ বাবে চৰকাৰখনে ষড়যন্ত্ৰ চলাই আছে। বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনে দৰিদ্ৰতা নিৰ্মূল কৰাৰ পৰিৱৰ্তে বৃদ্ধি কৰা বুলিহে মন্তব্য কৰে । বিজেপিয়ে অসমৰ কথা চিন্তা নকৰে, দিল্লী বা নাগপুৰৰ কথা চিন্তা কৰা বুলি উল্লেখ কৰি অসমৰ মানুহে অসমৰ চিন্তা কৰিব লাগিব বুলি কয় । কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনে সাধাৰণ লোকৰ কাম কৰাৰ পৰিৱৰ্তে পুঁজিপতিৰ কথাহে চিন্তা কৰা বুলি তেওঁ কয় । তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে অসমৰ কৃষকৰ মাটি পুঁজিপতিক দিয়াৰ কাম আৰম্ভ কৰিছে। অসমত ২৮ লাখ কৃষক আছে যদিও বিজেপিৰ কৰ্মকৰ্তাক কৃষক দেখুৱাই ৩৯ লাখ ভুৱা কৃষকক টকা দিয়া বুলিও অভিযোগ কৰে অদীপ ফুকনে । বিগত চাৰি বছৰত অসমত ৪০জন কৃষকে আত্মহত্যা কৰা বিষয়টো উদ্বেগজনক বিষয় বুলিও কয় । কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে অধিক সৰৱ হৈ তেওঁ লগতে কয় যে বৰ্তমানৰ চৰকাৰখনৰ দিনত ৪১ হাজাৰ ক্ষুদ্ৰ উদ্যোগ বন্ধ হ’ল, পেপাৰ মিল আৰু সাৰ কাৰখানা বন্ধ হ’ল যদিও এইক্ষেত্ৰত বিজেপি চৰকাৰ সম্পূৰ্ণ মৌন বুলি তেওঁ মন্তব্য কৰে । চৰকাৰখনে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান পুঁজিপতিক গতাই দিয়াৰ লগতে শ্ৰমিকসকলক প্ৰতিবাদ কৰিব পৰাৰ ব্যৱস্থা নাইকিয়া কৰা বুলিও উল্লেখ কৰে। বিজেপি চৰকাৰে নতুন প্ৰজন্মৰ ভৱিষ্যৎ অন্ধকাৰলৈ লৈ গৈছে বুলি উল্লেখ কৰি নিবনুৱাক সংস্থাপনৰ বাবে কোনো ফলপ্ৰসূ কাৰ্যসূচী আজিলৈ গ্ৰহণ কৰা নাই বুলিও তেওঁ কয় । ৰাজ্যত ৫৪ হাজাৰ পদ খালী হৈ আছে যদিও ৰহস্যজনক কাৰণত এই পদসমূহ পূৰণ কৰা নাই বুলি মন্তব্য আগবঢ়ায় অদীপ ফুকনে । বিশিষ্ট সাংবাদিকগৰাকীয়ে পুনৰ কয় যে ২০১৬ৰ নিৰ্বাচনত অগপই যি ১৪খন আসন পাইছিল সেয়া আঞ্চলিকতাবাদৰহে আসন । ’২১ৰ নিৰ্বাচনত এই ১৪খন আসনৰ পৰা ৬৪খন আসন হ’ব বুলি দাবী কৰে অদীপ ফুকনে। অসম জাতীয় পৰিষদৰ জিলা আহ্বায়ক গৌতম পাঠকৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাখনত অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক জ্যোতি নেওগে দলৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত বক্তব্য আগবঢ়ায় । কেন্দ্ৰীয় আহ্বায়ক গোবিন্দ গায়নে আঁত ধৰা এই সভাখনত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় চাৰিশ লোকে আজি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে। ইপিনে সাংবাদিকৰ আগত অদীপ ফুকনে দাবী কৰে যে ’২১ৰ নিৰ্বাচনত অসমত যৌথ আঞ্চলিক শক্তিৰ চৰকাৰ হ’ব । সমাগত নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁটত অসম জাতীয় পৰিষদ অন্তৰ্ভুক্ত নহয় বুলিও উল্লেখ কৰে অদীপ ফুকনে।

No comments