Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নগাঁৱৰ এছ আৰ কে জুনিয়ৰ কলেজৰ অধ্যক্ষক ঘেৰাওঃ অতিৰিক্ত ধন লৈ ডি এল এডৰ শিক্ষাৰ্থীক লুন্‌ঠনৰ অভিযোগ

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ অক্টোবৰ ঃ নগাঁও চহৰৰ ফৌজদাৰীপট্টিস্থ সৰ্বপল্লী ৰাধাকৃষ্ণন জুনিয়ৰ কলেজ নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানখনত আজি প্ৰায় শ...

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ অক্টোবৰ ঃ নগাঁও চহৰৰ ফৌজদাৰীপট্টিস্থ সৰ্বপল্লী ৰাধাকৃষ্ণন জুনিয়ৰ কলেজ নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানখনত আজি প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যক্ষ জাকিৰ হুছেইন ভূঞাক ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ডি এল এড পৰীক্ষাৰ নামত অতিৰিক্তভাৱে লোৱা ধন ঘূৰাই বিচাৰি ছাত্ৰ-ছাত্ৰীসকলে এইদৰে প্ৰতিবাদ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি ব্যক্তিগত শিক্ষানুষ্ঠানখনে বিগত বৰ্ষতে প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ পৰা ডি এল এড পৰীক্ষাৰ নামত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা ৩০ৰ পৰা ৩৫ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছিল যদিও মাত্ৰ ৬ হাজাৰ টকাৰ ৰচিদহে প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত ডি এল এডৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাত শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰাপ্য ধন ঘূৰাই বিচাৰে। কিন্তু অধ্যক্ষ তথা শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে শিক্ষাৰ্থীসকলৰ ধন ঘূৰাই দিবলৈ মান্তি নোহোৱাত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত একাংশ ছাত্ৰ-ছাত্ৰীয়ে জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে। 

এই অভিযোগৰ ভিত্তিত উপায়ুক্তগৰাকীয়ে পৰীক্ষাৰ্থীসকলৰ ধন ঘূৰাই দিবলৈ বিদ্যালয়খনৰ অধ্যক্ষক কাঢ়া নিৰ্দেশ দিয়ে। অন্যথা জিলা প্ৰশাসনে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়াত পৰীক্ষাৰ্থীসকলৰ সৈতে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ তথা স্বত্বাধিকাৰী জাকিৰ হুছেইন এক আলোচনাত মিলিত হয়। যোৱা ২২ ফেব্ৰুৱাৰীত দুয়ো পক্ষৰ মাজত হোৱা আলোচনাৰ অন্তত এক লিখিত চুক্তি সম্পাদন কৰা হয়। সেই চুক্তি অনুসৰি পৰীক্ষাৰ্থীসকলক চলিত বৰ্ষৰ ২০ এপ্ৰিলৰ ভিতৰত ধন ঘূৰাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে। কিন্তু নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছতো সেই ধন ঘূৰাই নিদিয়াত ক্ষুণ্ণ হৈ পৰে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকল। 

 যাৰ বাবে আজি পুৱাৰ ভাগতে অৰ্ধশতাধিক পৰীক্ষাৰ্থী শিক্ষানুষ্ঠানখনৰ চৌহদত উপস্থিত হৈ অধ্যক্ষ জাকিৰ হুছেইন ভূঞাক ঘেৰাও কৰি দিনটো এটা কোঠালিৰ ভিতৰত আবদ্ধ কৰি ৰাখে। পিছত অধ্যক্ষগৰাকীয়ে তেওঁৰ অনুগত গুণ্ডাবাহিনীৰ জৰিয়তে একাংশ ছাত্ৰীক শিক্ষানুষ্ঠানৰ চৌহদতে শাৰীৰিকভাৱে আক্ৰমণ কৰি অধ্যক্ষগৰাকীক উদ্ধাৰৰ চেষ্টা চলায়। এই আক্ৰমণৰ ফলত টিনা কৰ আৰু জ্যোতিস্মা দাস নামৰ দুজন ছাত্ৰী গুৰুতৰভাৱে আহত হয়। এই লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত নগাঁও সদৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গুণ্ডাবাহিনীৰ এজনক আটক কৰে। 

তদুপৰি গুণ্ডাবাহিনীয়ে ব্যৱহাৰ কৰা এখন বাহনো জব্দ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আক্ৰমণৰ বলি হোৱা ছাত্ৰীসকলে নগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰে। অৱশ্যে আৰক্ষীৰ উপস্থিতিত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষগৰাকীয়ে অহা ডিচেম্বৰ মাহৰ ভিতৰত পৰীক্ষাৰ্থীসকলৰ ধন ঘূৰাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়াত অধ্যক্ষগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা পৰে।

No comments