Page Nav

HIDE

এজাক বৰষুণে উদঙালে যোৰহাট নগৰৰ উন্নয়নৰ প্রতিছবি জিলা উপায়ুক্ত কার্যলয়ৰ চৌহদত একাঠু পানী

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ৬  অক্টোবৰ :  যোৰহাট নগৰত সৃষ্টি হল পুনৰ কৃত্ৰিম বান ।  এজাক বৰষুণে উদঙালে যোৰহাট নগৰৰ উন্নয়নৰ নমুনা ।  মঙ্গলবাৰে অহ...


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ৬  অক্টোবৰ :  যোৰহাট নগৰত সৃষ্টি হল পুনৰ কৃত্ৰিম বান ।  এজাক বৰষুণে উদঙালে যোৰহাট নগৰৰ উন্নয়নৰ নমুনা ।  মঙ্গলবাৰে অহা এজাক  বৰষুণৰ ফলত যোৰহাট  নগৰৰ মিঠাপুখুৰী পথ, ক্লাৱ ৰোড, নগৰৰ বৰুৱা চাৰি আলি , বৰিগাঁও , কৃষ্ণকান্ত পথ,সোনাৰী গাঁও ,গড়মূৰ আদি অঞ্চল ,ঠায়ে ঠায়ে গড় আলিৰ  লগতে জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ চৌহদতো সৃষ্টি হয় কৃত্ৰিম বান  ।   এজাক বৰষুণে উটুৱাই নিলে যোৰহাট নগৰৰ গৌৰৱ  । কি কংগ্ৰেছ ,কি বিজেপি কোনো এখন চৰকাৰেও  যোৰহাটৰ এই কৃত্ৰিম বানৰ সমস্যাতো আজি তাৰিখৰলৈকে  সমাধান কৰিব নোৱাৰাত যোৰহাট নগৰৰ সচেতন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে  ।  এজাক  বৰষুণৰ ফলত যোৰহাট নগৰ কৃত্ৰিম বানৰ কৱলত পৰিব লগীয়া হয়  ।  তেন্তে একেলেঠাৰিৰে কেইবা ঘণ্টা বৰষুণ হলে যোৰহাট নগৰৰ  অৱস্থা কি হব পাৰে সেই কথা সহজে অনুমেয়  । ইফালে নগৰৰ উন্নয়নৰ নামত আঁচনি পাছত আঁচনি ৰূপায়ন হল । বিগত চাৰিটা বছৰে পৰিৱৰ্তনকামী চৰকাৰ খনে কি উন্নয়ন কাম কৰিলে তাৰ উত্তৰ আজি বৰষুণজাকেই দিলে বুলি যোৰহাটৰ ৰাইজে অভিযোগ কৰিছে ।