Page Nav

HIDE

তেজ দিম, নগাওঁ কাগজ কলৰ ভূমি বনিয়া গোষ্ঠীক নিদিওঃ সদৌ তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

গণ বাৰ্তা, জাগীৰোড, ৫ অক্টোবৰ ঃ বিগত প্ৰায় ৪৪ মাহে বন্ধ হৈ আছে জাগীৰোডৰ নগাঁও কাগজ কল । তাৰ পূৰ্বৰে পৰা বন্ধ হৈ আছে কাছাৰ কাগজ কল । আৰু কল দ...

গণ বাৰ্তা, জাগীৰোড, ৫ অক্টোবৰ ঃ বিগত প্ৰায় ৪৪ মাহে বন্ধ হৈ আছে জাগীৰোডৰ নগাঁও কাগজ কল । তাৰ পূৰ্বৰে পৰা বন্ধ হৈ আছে কাছাৰ কাগজ কল । আৰু কল দুটা বন্ধ হৈ থকাৰ বাবেই সুদীৰ্ঘ দিন ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কল দুটাৰ কৰ্মচাৰী। ফলত পানীত হাঁহ নচৰা অৱস্থা কৰ্মচাৰীৰ । চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি লৈছে প্ৰায় ৭০ গৰাকী কৰ্মচাৰীয়ে । ইয়াৰে তিনিগৰাকীয়ে বাছি লৈছে আত্মহত্যাৰ পথ । কল দুটা কাৰ্যক্ষম কৰাৰ লগতে কৰ্মচাৰীৰ দৰমহা আদায়ৰ দাবীত বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও গা লৰা নাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ । বাৰেপতি কেৱল প্ৰতিশ্ৰুতি দি দায়িত্ব সামৰিছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে । কিন্তু এইবাৰ চৰকাৰলৈ শেষ সকীয়নি সদৌ তিৱা ছাত্ৰ সন্থাৰ । নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত সোমবাৰে জাগীৰোড কাগজ কলৰ মুখ্য দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰি হুংকাৰ প্ৰদান কৰে সদৌ তিৱা ছাত্ৰ সন্থাই । ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে কাগজ কল কাৰ্যক্ষম নকৰিলে ২০২১ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ তিৱা ছাত্ৰ সন্থাৰ । 

নগাঁও কাগজ কল ট্ৰাইবেল বেল্ট-ব্লকত অৱস্থিত, তেনে পৰিপ্ৰেক্ষিতত নগাঁও কাগজ কলক বণিয়া গোষ্ঠীক হস্তান্তৰ কৰা কাৰ্যক কোনোপধ্যেই মানি নোলোৱাৰ লগতে তেজ দি হ’লেও ভূমি ৰক্ষা কৰি যাব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে ।  ইফালে ৭ অক্টোবৰত NCLTত আছে কাগজ কল সন্দৰ্ভত শেষৰটো শুনানি । এই শুনানিত যদি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে কল দুটাক দেউলীয়া ঘোষণা কৰিব NCLTয়ে । ইফালে অসম চৰকাৰে কাগজ কল পুনৰুজ্জীৱিত কৰিবলৈ এমাহৰ সময় বিচাৰি আবেদন জনাইছিল যদিও সেই এমাহ উকলিবলৈ হ’ল । কিন্তু চৰকাৰে এই এমাহৰ ভিতৰত ৰাজহুৱা নকৰিলে কোনো পৰিকল্পনা । সেয়ে এতিয়া জাঙুৰ খাই উঠিছে সদৌ তিৱা ছাত্ৰ সন্থা আৰু কাগজ কলৰ কৰ্মচাৰী । চলিত বৰ্ষত যদি কাগজ কল কাৰ্যক্ষম নকৰে তেনেহ’লে ২০২১ ৰ নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ বিজেপিক দিয়া হ’ব বুলি হুংকাৰ দিয়ে তিৱা ছাত্ৰ সন্থাই।