Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাপেখাতীত মহিলাক অপহৰণ চেষ্টা।গাড়ী সহ দুই লম্পটক গ্ৰেপ্তাৰ।

গণ বাৰ্তা, সাপেখাতী, ২৯ অক্টোবৰ :  চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত টাইৰাই গাঁৱৰ এগৰাকী মহিলাক দুজন লম্পটতে প্ৰলোভনেৰে যোৱা নিশা...




গণ বাৰ্তা, সাপেখাতী, ২৯ অক্টোবৰ :  চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত টাইৰাই গাঁৱৰ এগৰাকী মহিলাক দুজন লম্পটতে প্ৰলোভনেৰে যোৱা নিশা অপহৰণ কৰিবলৈ চেষ্টা কৰা কাৰ্যক  লৈ অঞ্চলটোত  ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ  সৃষ্টি হৈছে।প্ৰাপ্ত ঘটনাৰ তথ্য মতে সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত টাইৰাই গাঁৱৰ নিৰ্বাসী  থানেশ্বৰ শইকীয়াৰ কণ্যা ৰূপালী শইকীয়ালৈ দিনৰ ১ বজাত ৭০৮৬৫৬৯৮৩৭ নম্বৰৰ এটি ফোন কল আহে।ফোনত শিৱসাগৰৰ পৰা কোৱা বুলি উল্লেখ কৰাৰ লগতে ঘৰত কাম কৰা মানুহ প্ৰয়োজন হৈছে, কাম কৰিলে মাহিলী ৫০০০ টকা দিম বুলি কৈ সন্ধিয়া সাত বজাত বৰহ তিনিআলিত ৰৈ থাকিবলৈ কয়।ৰূপালীলৈ ফোন কল যোগে অহা কথা খিনি সন্দেহ ওপজাত বিষয়টো ভায়েকক সোন মইনাক অৱগত কৰে।সোনমইনাই গাঁৱৰ লগৰীয়াক কয় আৰু বাইকক পুনৰ ফোন আহিলে ৰিছিভ কৰিবলৈ উপদেশ দিয়ে।সেই মৰ্মে থিক সাত বজাত পুনৰ ফোন আহে আৰু তাই ক'ত আছে সুধে।ভাইক আৰু ওচৰ চুবুৰীয়া সহ ৰূপালী বৰহ তিনিআলিত পূৰ্বৰ পৰাই অপেক্ষা কৰি আছিল। কিছু সময় পাছত এ এছ ০৪ পি ৩০৫৬ নীলা ৰঙৰ টাটা  (zest) গাড়ী এখন আহি ৰোৱাত , ৰূপালী গাড়ীখনৰ ওচৰলৈ যায়  ,গাড়ীত থকা দুজন লোকে তাইক জোৰ - জুলুম কৰি  গাড়ীত তুলিবলৈ চেষ্টা কৰে।তাই চিঞৰ - বাখৰ কৰাত পূৰ্বৰ পৰাই ৰৈ  থকা ভায়েক আৰু ৰাইজে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত অৰুণ দত্তৰ পুত্র পার্থ দত্ত(৪০)আৰু     বৰহাট ৰেল ষ্টেচনৰ বীৰেন্দ্ৰ  দে'ৰ  পুত্ৰ বিভু দে'ক(৪১) কৰায়ত্ব  কৰি সাপেখাতী আৰক্ষীক খৱৰ দিয়ে।ঘটনাস্হলীত সাপেখাতী আৰক্ষী থানাৰ বিষয়া দীনেশ দলে উপস্থিত হৈ দুয়ো লম্পটক আৰক্ষী থানালৈ আনে আৰু ৰূপালী শইকীয়াৰ এজাহাৰ ভিত্তিত ১০৩/২০ নং গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে।

No comments