Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱৰ দেহাৱসানঃ মুখ্যমন্ত্ৰীৰ শোক

মহানগৰ প্ৰতিবেদক, ১৯ অক্টোবৰ ঃ অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱে শেষ নিশ্বাস ত্যাগ কৰিছে। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হোৱা এইগৰাকী অৰ্থনীতিবি...


মহানগৰ প্ৰতিবেদক, ১৯ অক্টোবৰ ঃ অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱে শেষ নিশ্বাস ত্যাগ কৰিছে। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হোৱা এইগৰাকী অৰ্থনীতিবিদে গুৱাহাটীৰ এপলো হাস্পতালত ৯১ বছৰ বয়সত দেওবাৰে মাজনিশা শেষ নিশ্বাস ত্যাগ কৰে। তেওঁক ৫ অক্টোবৰত জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও সুস্থ হৈ নুঠাত ১৭ অক্টোবৰত এপলো হাস্পতালত ভৰ্তি কৰোৱা হয়। এপলো হাস্পতালতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে। যোৰহাটৰ জে বি কলেজৰ পৰা অৰ্থনীতিবিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা জয়ন্ত মাধৱে লণ্ডন ¦³¨লত ইকন’মিক্‌ছৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল। 

তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসনকালত ২০০৩-০৯লৈ অসম চৰকাৰৰ অৰ্থনীতি পৰামৰ্শদাতাৰ দায়িত্বত আছিল। তেওঁ নৰ্থ-ইষ্টাৰ্ন ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেড, চমুকৈ নেডফিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তেওঁৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে। টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে এছিয়ান ডেভেলপমেন্টৰ প্ৰাক্তন সঞ্চালক ড০ জয়ন্ত মাধৱৰ বিয়োগ দেশৰ বাবে বৃহৎ ক্ষতি।

No comments