Page Nav

HIDE

আমেৰিকাৰ দুই অৰ্থনীতিবিদলৈ ২০২০ৰ অৰ্থশাস্ত্ৰৰ নবেলঃ নীলাম তত্ব উন্নত আৰু নীলাম প্ৰক্ৰিয়াৰ নতুন আৱিস্কাৰৰ বাবে এই সন্মান

  ষ্টকহোম, ১২ অক্টোবৰ ঃ ২০২০ৰ অৰ্থশাস্ত্ৰৰ ন’বেল আমেৰিকাৰ দুই অৰ্থনীতিবিদে লাভ কৰিছে। অৰ্থশাস্ত্ৰৰ ন’বেল লাভ কৰা এই দুই অৰ্থনীতিবিদৰ নাম হ’ল...

 


ষ্টকহোম, ১২ অক্টোবৰ ঃ ২০২০ৰ অৰ্থশাস্ত্ৰৰ ন’বেল আমেৰিকাৰ দুই অৰ্থনীতিবিদে লাভ কৰিছে। অৰ্থশাস্ত্ৰৰ ন’বেল লাভ কৰা এই দুই অৰ্থনীতিবিদৰ নাম হ’ল প্ৰফেছৰ পল আৰ মিলগ্ৰোম আৰু ৰবাৰ্ট বি উইলছন। ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা এই দুই অৰ্থনীতিবিদে নিলাম তত্ত্ব উন্নত আৰু নিলাম প্ৰক্ৰিয়াৰ নতুন আৱিষ্কাৰৰ বাবে ২০২০ৰ অৰ্থশাস্ত্ৰৰ ন’বেল বঁটা লাভ কৰিছে। বস্তু আৰু সেৱাৰ বাবে নতুন নিলাম প্ৰক্ৰিয়াৰ ডিজাইন তৈয়াৰ কৰাৰ বাবে এই সন্মান লাভ কৰিছে দুই অৰ্থনীতিবিদে। পাৰম্পৰিক নিলাম প্ৰক্ৰিয়াৰ সলনি নতুন নিলাম প্ৰক্ৰিয়া তৈয়াৰ কৰাৰ বাবে আমেৰিকাৰ এই দুগৰাকী অৰ্থনীতিবিদে ২০২০ৰ অৰ্থশাস্ত্ৰৰ ন’বেল লাভ কৰিছে। ৰয়েল ছুইডিছ একাডেমী অৱ ছাইন্সে ষ্টকহোমত আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰিছে।

 এই দুয়োগৰাকী অৰ্থনীতিবিদে নিলামে কিদৰে কাম কৰে তাৰ ওপৰত অধ্যয়ন চলাই আছিল। অধ্যয়নৰ পিছত নতুন নিলাম প্ৰক্ৰিয়া তৈয়াৰ কৰে, যি পাৰম্পৰিক নিলামৰ সলনি ব্যতিক্ৰম। এই নিলাম প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্ববাসী উপকৃত হ’ব পাৰিব। উল্লেখ্য যে ৰয়েল ছুইডিছ একাডেমী অৱ ছাইন্সে চলিত বৰ্ষৰ অন্তিমটো ন’বেল বঁটা ঘোষণা কৰে। ইয়াৰ পূৰ্বে ছুইডিছ একাডেমীয়ে পদাৰ্থবিজ্ঞান, ৰাসায়নবিজ্ঞান, চিকিৎসাবিজ্ঞান, সাহিত্য আৰু শান্তিৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিছিল। অহা দহ ডিচেম্বৰত আলফ্ৰেড ন’বেলৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আনুষ্ঠানিকভাৱে ন’বেল বঁটা প্ৰদান কৰিব ছুইডিছ একাডেমীয়ে।

উল্লেখ্য যে আমেৰিকাৰ ১৯৬৯ৰ পৰা ২০২০লৈ অৰ্থশাস্ত্ৰৰ ন’বেল ৫৭জনে লাভ কৰিছে। আনহাতে ইউনাইটেড কিংডমৰ ৯জনে, ফ্ৰান্সৰ ৪জনে, কানাডাৰ ৩জনে, নৰৱেৰ ৩জনে, ইউএছএছআৰৰ ৩জনে, জাৰ্মানীৰ ৩জনে, নেদাৰলেণ্ডৰ ২জনে, ছুইডেনৰ ২জনে, ইজৰাইলৰ ২জনে, ভাৰতৰ ২জনে, ফিনলেণ্ডৰ ১জনে, হাংগেৰীৰ এজনে, ছেইণ্ট লুচিয়াৰ এজনে, ইটালীৰ এজনে, অষ্ট্ৰিয়াৰ এজনে আৰু চাইপ্ৰাছৰ এজনে অৰ্থশাস্ত্ৰৰ ন’বেল বঁটা লাভ কৰিছে।