Page Nav

HIDE

জাগুনৰ বুঢ়ীদিহিং নৈত পৰিল মাৰুটি গাড়ী , কথমপী প্ৰাণ ৰক্ষা দুজনৰ ।

লেখাপানী, ১৪ অক্টোবৰ : দেশ স্বাধীন হোৱা ৭৩ বছৰ অতিক্ৰম কৰাৰ পাছতো নিৰ্মাণ  নহল জাগুনৰ পৰা অৰুণাচল প্ৰদেশৰ সংযোগী বুঢ়ীদিহিং নৈ ওপৰৰ দলং । বিপ...


লেখাপানী, ১৪ অক্টোবৰ : দেশ স্বাধীন হোৱা ৭৩ বছৰ অতিক্ৰম কৰাৰ পাছতো নিৰ্মাণ  নহল জাগুনৰ পৰা অৰুণাচল প্ৰদেশৰ সংযোগী বুঢ়ীদিহিং নৈ ওপৰৰ দলং । বিপদ সংকুল অৱস্থাত পাৰ হব লগীয়া হয় দৈনিক হাজাৰ হাজাৰ লোক বুঢ়ীদিহিং নৈৰ বুকুয়েদি । ছয় মাহ বাঁহ কাঠেৰে নিৰ্মান হোৱা দলং আৰু ছয় মাহ যন্ত্ৰ চালিত নাৱয়েৰে । বাৰিষা কালত প্ৰত্যেক বছৰে জিয়াতু ভুগি আহিছে জাগুন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাম নগৰ, চন্দ্ৰপুৰ, কথা ছেমাকে আদি কৰি প্ৰায় ছয় খনকৈ গাঁৱৰ চহা লোক সকলে । প্ৰত্যেক বছৰে বহু সংখ্যক লোকে বুঢ়ীদিহিং নৈৰ বুকুত প্ৰাণ হেৰুৱাব লগীয়া হৈছে তাৰ কোনো হিচাব নাই । স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, ব্যৱসায় বাণিজ্য, ৰোগীয়া ব্যক্তি সকলে জীৱনৰ প্ৰাণ মৃত্যুক আগত লৈ বিপদ সংকুল অৱস্থাত পাৰ হব লগীয়া হয় বুঢ়ীদিহিং নৈৰ ঘাট । আনফালে জাগুন অৰুণাচল সংযোগী বুঢ়ীদিহিং ঘাটটো আঞ্চলিক পঞ্চায়তৰ দ্বাৰা নিবিদা জাৰী কৰি বছৰে বছৰে কৰ সংগ্ৰহ কৰি কোটি কোটি টকা আদায় কৰে যাত্ৰী সকলৰ পৰা । কিন্তু আজি পয্যন্ত নাই কোনো দলং নিৰ্মাণৰ যোগাত্মক ভূমিকা কোনো এখন চৰকাৰৰ । পায় আহিছে মাথোঁ ভুৱা প্ৰতিশ্ৰুতি জনপ্ৰতিনিধি সকলৰ পৰা । উক্ত দলঙত  এক অঘটন সংঘটিত  হয় মংগল বাৰে সন্ধিয়া । জাগুন অৰুণাচল সংযোগী বুঢ়ীদিহিং নৈৰ বুকুত পৰে এখন মাৰুটি গাড়ী। ঘটনা অনুসৰি মঙলবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশ বৰডুমচাৰ পৰা আহি থকা AS 23 P 3725 নম্বৰৰ এখন মাৰুটি বাহন জাগুন ৰামনগৰ বুঢ়ীদিহিং নৈৰ ঘাটৰ এখন যন্ত্ৰ চালিত নাওয়েদি পাৰ হৈ থকাৰ সময়ত হঠাৎ  মাৰুটি গাড়ীখন নৈৰ বুকুত পৰি উটি যোৱাত কথমপী প্ৰাণ ৰক্ষা পৰে গাড়ীৰ ভিতৰত থকা চালকসহ এজন সহযোগী । বাহন খন নৈত পৰাৰ লগে লগে বাহন খনৰ ভিতৰত থকা আৰোহি দুজন খিড়িকীয়েদি বাহিৰলৈ ওলাবলৈ সক্ষম হয় যদিও পানীত পৰা বাহন খন পানীৰ কোবাল সোঁতে বহু দূৰৰলৈকে  উটুৱাই লৈ যায় । লগে লগে যন্ত্ৰ চালিত নাওখনে বাহন খন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও বাহন খন উদ্ধাৰ কৰিবলৈ সক্ষম নহল । কিন্তু একাংশ স্থানীয় ৰাইজৰ তৎপৰতাত বাহন খন উদ্ধাৰ কৰি এডাল ৰচীৰে বান্ধি বাহন খন উদ্ধাৰ কৰি ওপৰলৈ উঠাবলৈ সক্ষম হয় । এলটো বাহন খন জাগুন অঞ্চলৰ জনৈক চেতিয়া উপাধিৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে । আনহাতে এই দুৰ্ঘটনাক একাংশ লোকে যন্ত্ৰ চালিত নাও চালক তথা ঘাটটো নিবিদা লাভ কৰা স্থাধিকাৰী সকলৰ হেমাহীৰ বাবে তেনে এক ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ( লেখাপানীৰ পৰা শৰৎ গগৈ )