Page Nav

HIDE

যোৰহাটত মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই বজালে পুৰণা কেছেট

 "শেষ বিন্দু তেজ থকা লৈকে আজমলৰ সভ্যতা সংস্কৃতিক দিছ্পুৰ ত বহিবলৈ নিদিও" : মন্ত্রী ডঃ শৰ্মা গণ বার্তা, যোৰহাট  :   ৰাজ্যৰ  প্ৰতাপী...

 "শেষ বিন্দু তেজ থকা লৈকে আজমলৰ সভ্যতা সংস্কৃতিক দিছ্পুৰ ত বহিবলৈ নিদিও" : মন্ত্রী ডঃ শৰ্মা


গণ বার্তা, যোৰহাট  :   ৰাজ্যৰ  প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত অনুষ্ঠিত বিজেপিৰ চাহ মৰ্চাৰ সভাত অংশগ্ৰহণ কৰি পূৰ্বে বজোৱা সেই পুৰণা কেছেটতো আজি তেওঁ পুনৰ বজালে । তেওঁ কয় যে   এটা জাতি গঠন প্ৰক্ৰিয়া সকলোৰে সমন্বয়  আৰু সকলোৰে অংশ গ্ৰহণৰ মাজেৰে সম্পন্ন হয়। স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনলৈকে আৰু পৰৱৰ্তী সময়ত অসমৰ সাহিত্য সংস্কৃতিৰ প্ৰাতঃস্মৰণীয় ব্যক্তি সকলে জাতি গঠনৰ প্ৰক্ৰিয়াত সোমোন্নয় আৰু সম অংশ গ্ৰহণৰ ক্ষেত্ৰত দৃষ্টি পাত কৰি আহিছে। স্বাধীনতাৰ ৭০ বছৰ পাৰ হল  আৰু সৰহ ভাগ সময় আমাক জাতীয় কংগ্ৰেছ দলে শাসন কৰিলে। আৰু আমি সকলোৱে জানো যে এই সময় চোৱাত চাহ জনগোষ্ঠীৰ লোক সকলে কংগ্ৰেছক সকলো ধৰণৰ ৰাজনৈতিক সহায় আগবঢ়াইছিল। আৰু এতিয়া যদি আমি পাছলৈ ঘূৰি চাওঁ তেন্তে দেখিম যে, চাহ জনগোষ্ঠীৰ লোক সকলৰ মাজলৈ তথা তেওঁলোকৰ জাতীয় জীৱনলৈ যি ধৰণৰ পৰিৱৰ্তন আহিব লাগিছিল, তাত যেন ৰাজনীতি কৰা কৰবাত নহয় কৰবাত বিফল হৈছে। যাৰ বাবে এই জনগোষ্ঠীৰ জীৱন যাত্ৰা স্থবিৰ হৈ পৰিছে। তাৰ লগতে জাতি গঠন প্ৰক্ৰিয়াত যিদৰে চাহ জনগোষ্ঠীৰ লোক সকলক আদৰি লব লাগিছিল তাতো যেন কৰবাত নহয় কৰবাত কৰিব লগীয়া বহু কাম থাকি গল। এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য, শিক্ষা তথা বিত্ত মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আজি যোৰহাটৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম প্ৰদেশ বি জে পি ৰ চাহ মৰ্চাৰ কাৰ্যনিৰ্বাহ ক সভাত উপস্থিত থাকি এইদৰে মন্তব্য কৰাৰ লগতে মন্ত্রী ডঃ শৰ্মাই কয় যে, আমি প্ৰত্যেক অসমীয়াই অসমৰ চাহ উদ্যোগক লৈ গৌৰৱ কৰোঁ। বিদেশত যেতিয়া অসমৰ চাহ প্ৰসংগ উত্থাপিত হয় আমি গৌৰৱ কৰোঁ। কিন্তু কোনোবাই যেতিয়া কয় যে, চাহ জনগোষ্ঠীৰ লোক সকল আমাৰ মূল সুঁতিৰ নহয়, তেতিয়া কিন্তু অসমীয়া থমকি ৰয়। আমি স্পষ্ট হব লাগিব। অসমৰ মাটিত শৰীৰৰ তেজ, কপালৰ ঘাম পেলাই চাহ উৎপাদন কৰি অসমক গৌৰৱান্নিত কৰা তথা চাহ উদ্যোগতো জীয়াই ৰখা অসমৰ চাহ শ্ৰমিক সকল গৌৰবী অসমীয়া। এই কথা জাতিয়ে বুজি উঠিব লাগিব। যিদিনা আমি তেওঁলোকক আদৰি লব পাৰিম সেইদিনা আমি জাতি নিৰ্মানৰ ক্ষেত্ৰত আৰু এখাপ আগুৱাই যাব পাৰিম। প্ৰসংগক্ৰমে ডঃ শৰ্মা ই লগতে কয় যে , আজি আমি খিলঞ্জীয়া, অ খিলঞ্জীয়াৰ নামত জাতিটোক ভাগ ভাগ কৰিব খুজিছো। এচাম বুদ্ধিজীৱী যে এই শব্দ সমূহ ব্যৱহাৰ কৰি জাতি গঠন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে। কিন্তু ইয়াক সহ্য কৰা নহব। এচাম দুৰ্নীতি গ্ৰস্ত লোক আমাৰ সমাজ খনক গ্ৰাস কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আমি একত্ৰিত হৈ বাধা দিব লাগিব। বি জে পি য়ে বিশ্বাস কৰে যে যি বিভাজন আনিবলৈ চেষ্টা কৰে তেওঁলোক আমাৰ শত্ৰু। বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে কংগ্ৰেছ , এ আই ইউ দি এফয়ে। বিজেপিৰ কৰ্মকৰ্তা সকলে প্ৰতিজ্ঞা কৰিব লাগিব যে শেষ বিন্দু তেজ থকা লৈকে আজমলৰ সভ্যতা, সংস্কৃতিক দিছ্পুৰ ত বহিবলৈ নিদিও। বিজেপি যে চাহ জনগোষ্ঠীৰ লোকৰ উন্নয়নৰ বাবে ৭ লাখ ৬০ হাজাৰ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খুলিছে আৰু একাউণ্ট যাতে বন্ধ নহয় তাৰ বাবে পুঁজি ও দিছে। আনহাতে চাহ বাগিচা অধ্যুষিত অঞ্চলত যিমান মহাবিদ্যালয় আছে সকলোতে ১০শতাংশ আসন চাহ জনগোষ্ঠীৰ লোকৰ বাবে সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰিছে। এইদৰে চাহ জনগোষ্ঠীৰ লোকৰ সকলোপ্ৰকাৰে উন্নয়নৰ বাবে চেষ্টা কৰিছে বিজেপি চৰকাৰে। আজিৰ অনুষ্ঠানত কেইবাগৰাকীও মন্ত্রী বিধায়কৰ উপৰিও বিজেপি অসম প্ৰদেশ চাহ মৰ্চাৰ বিষয় ববীয়া উপস্থিত থাকে।  ( ঋতুৰাজ ফুকন, যোৰহাট, ১৬ অক্টোবৰ   )