Page Nav

HIDE

যুৱ কৃষক চাহাবুদ্দিন আহমেদলৈ যুৱ আদৰ্শবান খেতিয়কৰ সন্মান গোলাঘাটৰ প্ৰয়াস উন্নয়ন সমিতিৰ

 নৱপ্ৰজন্মক কৃষিৰে স্বাৱলম্বী হ'বলৈ আহ্বান কৃষক চাহাবুদ্দিন আহমেদৰ গণ বাৰ্তা, বাদুলিপাৰ, ২ অক্টোবৰ :  কৃষি কৰ্মৰে স্বাৱলম্বীলতাৰ নিদৰ্শন...

 নৱপ্ৰজন্মক কৃষিৰে স্বাৱলম্বী হ'বলৈ আহ্বান কৃষক চাহাবুদ্দিন আহমেদৰ


গণ বাৰ্তা, বাদুলিপাৰ, ২ অক্টোবৰ :  কৃষি কৰ্মৰে স্বাৱলম্বীলতাৰ নিদৰ্শন দেখুওৱা এজন যুৱ কৃষক হৈছে দেৰগাৱঁৰ ডুবিগাৱঁৰ চাহাবুদ্দিন আহমেদ । উদিয়মান কৃষক চাহাবুদ্দিন আহমেদে বিগত ১১ বছৰ ধৰি ৩০ বিঘা ভূমিত বিজ্ঞান সন্মত ভাৱে শাক - পাচলিৰ খেতি কৰি কৃষিৰ ক্ষেত্ৰ খনত এক অনন্য স্থান দখল কৰিবলৈ সক্ষম হৈছে । নিজৰ লগতে আন বহু কেইটা পৰিয়ালকো এই কৃষি ক্ষেত্ৰ খনত জড়িত কৰি স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে চাহাবুদ্দিনে । এই জন যুৱ কৃষকলৈ শুকুৰবাৰে  গোলাঘাটৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন প্ৰয়াস উন্নয়ন সমিতিয়ে আগবঢ়াই যুৱ আদৰ্শবান খেতিয়কৰ সন্মান । যুৱ কৃষক জনৰ কৃষি পামত উপস্থিত হৈ প্ৰয়াস উন্নয়ন সমিতিয়ে সম্বদ্ধনা পত্ৰ , গামোচা আৰু চেলেং চাদৰেৰে সন্মান প্ৰদান কৰে যুৱ কৃষক জনক । এই অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াস উন্নয়ন সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম  ৰাজপুত , সম্পাদক যোগেশ্বৰ পেগু , সমন্বয়ক ময়ুৰী বৰবৰা , সদস্য শক্তিকাম বেজবৰুৱাকে আদি কৰি বহুকেইজন লোক । এই সন্মান লাভ কৰি উৎফুলিৎ হৈ পৰে কৃষক চাহাবুদ্দিন আহমেদ । শিক্ষিত নৱপ্ৰজন্মক চাকৰি বিচাৰি  বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে নিজৰ চন পৰা ভূমিত কৃষি কৰ্মৰে স্বাৱলম্বী হ'বলৈ আহ্বান জনাই যুৱ কৃষক চাহাবুদ্দিন আহমেদে