Page Nav

HIDE

বগীবিল দলঙেৰে প্ৰথমবাৰলৈ বিশেষ ৰাজধানী এক্সপ্ৰেছৰ চলাচলঃ প্ৰধানমন্ত্ৰী মোদী আৰু ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১২ অক্টোবৰ ঃ ঐতিহাসিক অসম চুক্তিৰ আধাৰত নিৰ্মিত বগীবিল দলঙেৰে আজি প্ৰথমবাৰলৈ বিশেষ ৰাজধানী এক্সপ্ৰেছৰ চলাচলে অসম তথা উত্তৰ-পূৰ্বাঞ...

গুৱাহাটী, ১২ অক্টোবৰ ঃ ঐতিহাসিক অসম চুক্তিৰ আধাৰত নিৰ্মিত বগীবিল দলঙেৰে আজি প্ৰথমবাৰলৈ বিশেষ ৰাজধানী এক্সপ্ৰেছৰ চলাচলে অসম তথা উত্তৰ-পূৰ্বাঞ্চল সংযোগী দেশৰ ৰে’ল যোগাযোগ ব্যৱস্থাক এক মাত্ৰা প্ৰদান কৰিব। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ূষ গোৱেলক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে কয় যে স্বৰাজোত্তৰ সাতটা দশক ধৰি অৱহেলিত হৈ থকা ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত এই পদক্ষেপে এটা নতুন মাত্ৰা সংযোজন কৰাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক ৰূপান্তৰৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিশেষ ৰাজধানী এক্সপ্ৰেছৰ চলাচলে অসমৰ ওচৰ-চুবুৰীয়া ৰাজ্য অৰুণাচলৰ যোগাযোগ তথা অৰ্থনৈতিক ক্ষেত্ৰখনতো অৰিহণা যোগাবলৈ সক্ষম হ’ব। 

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত শাসনভাৰ লোৱাৰ পিছৰে পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী পদক্ষেপৰ বাবেই বহু আধৰুৱা প্ৰকল্প দ্ৰুত গতিত সম্পূৰ্ণ হৈ উঠিছে। দ্বৈত ৰে’লপথৰ সম্প্ৰসাৰণকে ধৰি ৰে’লপথৰ বৈদ্যুতিকীকৰণেৰে অঞ্চলটোৰ ৰে’ল খণ্ডৰ বিকাশ সাধনৰ ওপৰত ৰে’ল মন্ত্ৰালয়ে দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ ফলত যোৱা ৬ বছৰৰ ভিতৰত অঞ্চলটোত ৰে’ল যোগাযোগ ব্যৱস্থাই নতুন মাত্ৰা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰেন্সফৰ্মেচন  ট্ৰেন্সপ’ৰ্টেচন’ নীতিৰে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ দ্ৰুত পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে। 

তেওঁ কয় যে অকল পথ যোগাযোগেই নহয়, আকাশী আৰু জলপথৰ উন্নয়ন সাধন কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰি ইতিমধ্যে বহুসংখ্যক পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াভাৱে দেশৰ ৰাজধানী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ ৰে’ল সংযোগীকৰণক শক্তিশালী ৰূপ দিয়াৰ বাবে লোৱা পদক্ষেপে ৰাজ্যখনৰ যোগাযোগৰ ক্ষেত্ৰখনত দ্ৰুত পৰিৱৰ্তন সাধন কৰাৰ লগতে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলাব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখ্য যে সপ্তাহত দুদিনকৈ চলিবলগীয়া উত্তৰ অসম সংযোগী এই অত্যাধুনিক ৰে’ল সেৱাই যাত্ৰীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিব।