ৱাশ্বিংটন, ৮ অক্টোবৰ : কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা কঠোৰ লকডাউনে দেশৰ অৰ্থব্যৱস্থাত আঘাত হানিছে। যাৰ ফল...
ৱাশ্বিংটন, ৮ অক্টোবৰ : কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা কঠোৰ লকডাউনে দেশৰ অৰ্থব্যৱস্থাত আঘাত হানিছে। যাৰ ফলত দেশৰ অৰ্থব্যৱস্থা ভয়ংকৰ গতিৰে আগুৱাই থকাৰ কথা প্ৰকাশ কৰিছে বিশ্ববেংকে। বিশ্ববেংকে প্ৰকাশ কৰা অনুসৰি চলিত বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ হাৰ ৯.৬ণ হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে বিশ্ববেংকে ভাৰতৰ অৰ্থব্যৱস্থাক লৈ কৰা মন্তব্যত এই কথা স্পষ্ট কৰিছে যে দেশৰ আৰ্থিক অৱস্থা পূৰ্বৰ তুলনাত অৱনতি ঘটিছে।
কোৰোনা মহামাৰীৰ বাবে দেশৰ উদ্যোগখণ্ড আৰু তাৰ লগত জড়িত লোকসকল নানা সমস্যা তথা সংকটৰ সন্মুখীন হৈছে। লগতে কোৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ঘোষণা কৰা লকডাউনে দেশৰ অৰ্থব্যৱস্থাত আঘাত হানিছে, ফলত জিডিপি চলিত বিত্তীয় বৰ্ষত হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বিশ্ববেংকে প্ৰকাশ কৰা অনুসৰি চলিত বিত্তীয় বৰ্ষত দক্ষিণ-পূব এছিয়া অঞ্চলত ৭.৭ণ আৰ্থিক হাৰ হ্ৰাস পোৱাৰ আশংকা প্ৰকাশ কৰিছে।
বিগত পাঁচ বছৰত দক্ষিণ-পূব এছিয়া অঞ্চলত জিডিপি ৬ণ বৃদ্ধি পাইছিল, কিন্তু কোৰোনা মহামাৰীৰ বাবে এইবাৰ জিডিপি হ্ৰাস পাব। উল্লেখ্য যে বিশ্ববেংকে চলিত বৰ্ষৰ মাৰ্চত প্ৰকাশ কৰিছে যে দেশৰ জিডিপি ৯.৬ণ লৈ হ্ৰাস পাব, কিন্তু ২০২১ত পুনৰ দেশৰ জিডিপি বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছিল।
No comments