ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৪ অক্টোবৰ ঃ এছ আই কেলেংকাৰীক লৈ ৰাজ্য উত্তাল হৈ আছে। যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অযোগ্য প্ৰাৰ্থীক ধনৰ বিনিময়ত এছ ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৪ অক্টোবৰ ঃ এছ আই কেলেংকাৰীক লৈ ৰাজ্য উত্তাল হৈ আছে। যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অযোগ্য প্ৰাৰ্থীক ধনৰ বিনিময়ত এছ আইৰ চাকৰি প্ৰদান কৰিবলৈ যি ক’লা বজাৰ গঢ়ি তুলিছিল সেই ক’লা বজাৰৰ সৈতে জড়িত এজনৰ পিছত এজনকৈ খলনায়ক আৰক্ষীৰ জালত পৰিছে। অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষ পি কে দত্ত এতিয়া কাৰাগাৰাৰ আলহী হৈ আছে। দিন যোৱাৰ লগে লগে এছ আই কেলেংকাৰীয়ে নতুন মোৰ লৈছে। শেহতীয়াকৈ এছ আই কেলেংকাৰীৰ এই বিতৰ্কত নাম সাঙোৰ খাই পৰিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ভাতৃ তথা কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জিৎ কুমাৰ কৃষ্ণৰ নাম। কৰিমগঞ্জৰ এইগৰাকী আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসগৃহৰ পৰাই ফাদিল কৰা হৈছিল এছ আইৰ প্ৰশ্নকাকত। প্ৰশ্নকাকতৰ বাবেই বিজেপি নেতা দিবন ডেকা আৰু অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী ৰুবুল হাজৰিকাই যোৱা ১৮ ছেপ্টেম্বৰত কৰিমগঞ্জলৈ গৈছিল। কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক সঞ্জিৎ কৃষ্ণৰ বাসগৃহৰ পৰাই ট্ৰাংক খুলি প্ৰশ্নকাকত উলিওৱা হৈছিল।
প্ৰশ্নকাকত মোবাইলত ফটো মাৰি ৰুবুল আৰু দিবন গুৱাহাটীলৈ আহিছিল। উক্ত প্ৰশ্নকাকতৰ বিনিময়ত ৪০ লাখ টকা আদায় দিয়া হৈছিল বুলি ইতিমধ্যে আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। উক্ত ফাদিল প্ৰশ্নকাকতেৰে ৰুবুল আৰু দিবনে পি কে দত্তৰ সৈতে মিলি প্ৰশিক্ষণ প্ৰদান কৰিছিল। ইতিমধ্যে এছ আই কেলেংকাৰীৰ বহু জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। ধুবুৰীৰ পৰা শদিয়ালৈ চাকৰিৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তোলা হৈছিল। প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা হৈছিল ১০-১২ লাখ টকাকৈ। চিআইডিৰ অভিযানত বৰপেটা, অভয়াপুৰী, বঙাইগাঁৱত উদ্ধাৰ হৈছিল ৫ কোটিতকৈও অধিক টকা। প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা ধন বৰপেটা, অভয়াপুৰীত মজুত কৰি ৰখা হৈছিল। এছ আই কেলেংকাৰীৰ প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জিৎ কৃষ্ণক চিআইডিয়ে জেৰা কৰাৰ লগতে জুনিয়ৰ পি কে আৰু কৰিমগঞ্জৰ পাঁচগৰাকী আৰক্ষীক জেৰা কৰি জবানবন্দি প্ৰস্তুত কৰিছে।
কৰিমগঞ্জৰ পৰাই যে প্ৰশ্নকাকত ফাদিল হৈছিল সেয়া নিশ্চিত হৈছে তদন্তকাৰীৰ দল। তদন্তকাৰীৰ দলটোৱে আজি উলুবাৰীৰ কছাৰীবস্তিত থকা সঞ্জিৎ কৃষ্ণৰ বাসগৃহত অভিযান চলায়। অভিযানকালত কিছু তথ্য লাভ কৰে বুলিও জানিব পৰা গৈছে। সঞ্জিৎ কৃষ্ণৰ বাসগৃহত কি তথ্য লাভ কৰিছে সেয়া তদন্তৰ খাতিৰত ৰাজহুৱা কৰা হোৱা নাই। যি কি নহওক, শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে আৰক্ষী অধীক্ষক সঞ্জিৎ কৃষ্ণ।
No comments