Page Nav

HIDE

কৰোনাত আক্ৰান্ত হৈ বৰপথাৰত পুনৰ এজনৰ মৃত্যু

                                                                                                                                            ...

                                       
                                                                                                        ফটো : দেৱাশীষ শৰ্মা, সৰুপথাৰ

গণ বাৰ্তা, সৰুপথাৰ, ৯ অক্টোৱৰ : ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ বৰপাভজান গাঁৱৰ এজন লোকৰ ক'ৰোনাত আক্ৰান্ত হৈ আজি পুৱতি নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে। পৰিয়ালৰ সূত্ৰৰ পৰা জনা মতে গাঁওখনৰ বাসিন্দা তথা ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী অধিকৰ্তা গনেশ বৰা (৩৮) মহামাৰী ক'ৰোনাত আক্ৰান্ত হৈ যোৱা ২৮ ছেপ্টেম্বৰৰ পৰা চিকিৎসাধীন অৱস্থাত আছিল। প্ৰায় ১৫ দিন চিকিৎসালয়ত থকা লোকজনৰ আজি পুৱতি নিশা মৃত্যু হয়। কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।‌ ৰক্ত দাতা গ্ৰুপৰ এগৰাকী সক্ৰিয় সদস্য বৰাই মৃত্যুৰ সময়ত পত্নীসহ এটি পুত্ৰ সন্তানক এই সংসাৰত এৰি গৈছে । লোকজনৰ বিয়োগত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। শেহতীয়াকৈ জানিব পৰা মতে কোবিডৰ প্ৰ'টকল অনুসৰি যোৰহাটৰ শ্মশানত লোকজনৰ মৃতদেহৰ অন্তিম সংস্কাৰৰ ব্যৱস্থা কৰা হৈছে।