Page Nav

HIDE

কৰুণা আক্ৰান্ত তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁই

গণ বাৰ্তা, বৰপথাৰ,  ১৬ অক্টোবৰ : দেশৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই কোভিড–১৯ ত আক্ৰান্ত হৈছে । বৃহস্পতিবাৰে লাভলীনাৰ দেহত ধৰা পৰে কোভিড পজিট...



গণ বাৰ্তা, বৰপথাৰ,  ১৬ অক্টোবৰ : দেশৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই কোভিড–১৯ ত আক্ৰান্ত হৈছে । বৃহস্পতিবাৰে লাভলীনাৰ দেহত ধৰা পৰে কোভিড পজিটিভ ।  ইটালী ভ্ৰমণৰ প্ৰাকমুহূৰ্তত লাভলীনাৰ দেহত ধৰা পৰিল কোভিড পজিটিভ। পঞ্জাবৰ পাটিয়ালাৰ পৰা ওভতি আহি  বৃহস্পতিবাৰে দিল্লীত ক'বিড টেষ্ট কৰাত বক্সাৰ গৰাকীৰ দেহত ধৰা পৰিছে মহামাৰী কৰোণা ভাইৰাছ । বৰ্তমান বক্সাৰ গৰাকী দিল্লীৰ বাৰ্তা নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছে ।  আনহাতে সংবাদ মাধ্যমক এই কথা ছাই–এ জানিবলৈ দিয়ে । ইফালে গোলাঘাট জিলাৰ বৰপথাৰস্থিত  বাৰমূখীয়াৰ বাসগৃহত কন্যাৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁইৰ লগতে অঞ্চলবাসী । ( ৰাজকল্প হাজৰিকা বৰপথাৰ গোলাঘাট )