Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পুৱতি নিশা আৰক্ষীৰ অভিযান, দুখনকৈ চোৰাং কয়লা ভৰ্টি ট্ৰাক জব্দ

তিনিজনক গ্ৰেপ্তাৰ৷ প্ৰাক্তন অ'চি মুনিন্দ্ৰনাথ চমুৱাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি৷ গন বাৰ্তা, মাৰ্ঘেৰিটা, ১৯ অক্টোবৰঃ     সাবধান কয়লা চুৰ চক্...

তিনিজনক গ্ৰেপ্তাৰ৷ প্ৰাক্তন অ'চি মুনিন্দ্ৰনাথ চমুৱাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি৷




গন বাৰ্তা, মাৰ্ঘেৰিটা, ১৯ অক্টোবৰঃ     সাবধান কয়লা চুৰ চক্ৰ৷  এইবাৰ কয়লাৰ চোৰাং ব্যৱসায়ীৰ ওপৰত শেনচকু পৰিছে মাৰ্ঘেৰিটা আৰক্ষীৰ৷ অঞ্চলটোত চলিবলৈ দিয়া নহব কোনোধৰনৰ চোৰাং কয়লাৰ বেহা৷ মাৰ্ঘেৰিটাৰ চোৰাং কয়লা বেহাৰ বিষয়ে  গন অধিকাৰ' কাকতত সবিস্তাৰে বাতৰি প্ৰকাশৰ পিছতেই দেখিবলৈ পোৱা গল ব্যাপক প্ৰভাৱ৷ মাৰ্ঘেৰিটা মহকুমাৰ নৱনিযুক্ত মহকুমা আৰক্ষী বিষয়া পুনা গগৈৰ নেতৃত্বত আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ সহযোগত আজি কাহিলী পুৱাই ৰাজপথৰ পৰা জব্দ কৰা হৈছে দুখনকৈ চোৰাং কয়লা ভৰ্টি ট্ৰাক৷ লগতে আৰক্ষীৰ জালত পৰিছে এজন কুখ্যাত কয়লা মাফিয়া সহ দুজন সহযোগী৷ উল্লেখ্য যে, আজি কাহিলী পুৱা প্ৰায় ৫ বজাত গোপন সূত্ৰৰ ভিত্তীত মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযান চলাই পাৱৈ চাইডিঙত খেদি খেদি চোৰাং কয়লা পৰিবাহী দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ লগতে দুয়োখন ট্ৰাকৰ দুজনকৈ চালককো আটক কৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে৷ চোৰাং কয়লা পৰিবাহী ট্ৰাকদুখনৰ নম্বৰ হল- এ এছ ২৫ এ চি ১৪৭৬ আৰু এ এছ ০১ জে চি ৫৫৪৫৷ উল্লেখ্য যে, অঞ্চলটোত চলি থকা বিভিন্ন ধৰনৰ অবৈধ কাৰ্য কলাপৰ বিৰুদ্ধে আৰক্ষীয়ে গিজগিজাই থকাৰ সময়তে এটা চক্ৰই এইদৰে সংগোপনে দুয়োখন চোৰাং কয়লাভৰ্টি ট্ৰাক সৰবৰাহ কৰিবলৈ চেষ্ঠা কৰিছিল৷ ইতিমধ্যে উক্ত চোৰাং কয়লা সৰবৰাহৰ সতে জড়িত ব্যক্তিজনকো আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান কৰি আটক কৰিবলৈ সক্ষ্যম হৈছে৷ ধৃত অভিযুক্তজন দেবব্ৰত দত্ত উৰফে দেবু বুলি জানিব পৰা গৈছে৷ দেবুৰ বিৰুদ্ধে বিগত সময়ত লেখাপানীত বাহৰ পাতি কয়লাৰ বৃহৎ কাৰবাৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছিল৷ শিৱসাগৰ চূনপুৰা জমুনামুখ নিৱাসী দেৱব্ৰত দত্তই লেখাপানীত এজন শিক্ষকৰ ঘৰত বাহৰ পাতি এইদৰে কয়লাৰ চোৰাং বেহা চলাই আহিছিল৷ মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত কয়লাৰ চোৰাং কাৰবাৰ কৰি দেবুৱে কোটি কোটি টকা লুণ্ঠন চলাইছিল৷ পিছে এইবাৰ দিন বেয়া আছিল দেবব্ৰতৰ৷ চোৰাং কয়লা ট্ৰাক সৰবৰাহ কৰিবলৈ গৈ এইবাৰ আৰক্ষীৰ জালত পৰিল দেবব্ৰত৷ আনফালে, দেবব্ৰত দত্তক এটি সাধাৰন মুহুৰা আখ্যা দি এই চক্ৰটোৰ আৰত মাৰ্ঘেৰিটাৰ প্ৰাক্তন অ'চি মুনিন্দ্ৰ নাথ চমুৱাৰ হাত থকা বুলিহে ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ কিয়নো ছেপ্তেম্বৰ মাহতেই চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰাৰ পিছতো মুনিন্দ্ৰনাথ চমুৱাই মাৰ্ঘেৰিটাৰ ব্লক তিনিআলিৰ এটা ভাৰাঘৰত বাহৰ পাতি কয়লা ব্যৱসায়ৰ বাবে পাং পতা বুলি সততে চৰ্চা হৈ আহিছে৷ চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰি মুনিন্দ্ৰনাথ চমুৱাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ শৰনাপন্ন হৈ চোৰাং কয়লা সৰবৰাহৰ বাবে কুচ কাৱাজ আৰম্ভ কৰাৰ কথা অঞ্চলটোত সৰ্বজনবিদিত৷ মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত জমা কৰি ৰখা চোৰাং কয়লাৰ ওপৰত তেখেতৰ আছিল শেনচকু৷ এই সমূহ কয়লা সৰবৰাহ কৰিবৰ বাবে যোৱা কিছুদিন ধৰি মুনিন্দ্ৰনাথ চমুৱাই উঠিপৰি লগাৰ কথাও জানিব পৰা গৈছিল৷ তেনেক্ষেত্ৰত জব্দকৃত এই কয়লা ট্ৰাকৰ সতে প্ৰাক্তন অচি মুনিন্দ্ৰ নাথ চমুৱাৰ যে কিবা সম্পৰ্ক নাথাকিব সেয়া নুই কৰিব নোৱাৰি৷ ইফালে এটা সূত্ৰই দাবী কৰা মতে, দেৱব্ৰতে অ'চি পুত্ৰৰ পৰা কয়লা ক্ৰয় কৰি প্ৰাক্তন অ'চি গৰাকীৰ সাহসত কিছুদিনৰ পৰা কয়লা সৰবৰাহ কৰি আহিছিল৷ ইতিমধ্যে ২০ খনকৈ ট্ৰাক সৰবৰাহ কৰাৰ পিছতেই আজি ঘটে এই অথন্তৰ৷ অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন সষ্ট্ৰম হৈ পৰা বিষয়টোৱে নিৰাশাৰ মাজতো ৰাইজক আশাৰ ৰেঙনি যোগাইছে৷ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পুনা গগৈ আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ নৱনিযুক্ত আৰক্ষী উৎপল বৰাৰ এই সাহসী পদক্ষেপক শলাগ লৈছে মাঘেৰিটাৰ সচেতন মহলে৷ আৱশ্যে জব্দকৃত চোৰাং কয়লাখিনি কৰ পৰা অনা হৈছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই যদিও এক সূত্ৰই এয়া জাগুনৰ ৱাৰা বস্তিৰ পৰা অনা বুলি দাবী কৰিছে৷ ইতিমধ্যে কয়লা ব্যৱসায়ী দেৱব্ৰত দত্ত, গাড়ীচালক অনন্ত দেউৰী আৰু ললিত গগৈৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইন ৩৭৯ আই পি চি/ আৰ ডব্লিও ৩ ডি পি পি এৰ অধীনত ৩০৩/২০ নম্বৰত গোচৰ ৰুজু হৈছে৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ সমষ্টিটোত কোনো চিণ্ডিকেট নাই বুলি সততে দাবী কৰি নিজকে ধুৱা তুলসীৰ পাত সজোৱা সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাই বা এতিয়া কি কব, সেয়াহে হব লক্ষ্যনীয়৷  ( সীমান্ত চেতিয়া, মাৰ্ঘেৰিটা৷ ) 


No comments