Page Nav

HIDE

যোৰহাটৰ এগৰাকী শিক্ষয়িত্ৰীৰ কৰ্মৰ নিৰ্দশন

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ৭ অক্টোবৰ : যোৰহাট  চিনামৰা ছোৱালী হাইস্কুলৰ জ্যেষ্ঠ সহ শিক্ষয়িত্ৰী ৰূপালী মহন্তই নিজা খৰচত পেভাৰ্চ ব্লকেৰে নিৰ্মা...



ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ৭ অক্টোবৰ : যোৰহাট  চিনামৰা ছোৱালী হাইস্কুলৰ জ্যেষ্ঠ সহ শিক্ষয়িত্ৰী ৰূপালী মহন্তই নিজা খৰচত পেভাৰ্চ ব্লকেৰে নিৰ্মাণ কৰা বিদ্যালয় চৌহদৰ ভিতৰৰ পথটি আজি উদ্বোধন কৰে বিদ্যালয়খনিৰ পৰিচালনা সমিতিৰ সভাপতি ত্ৰিদীপ গগৈয়ে৷ বিদ্যালয়খনিৰ প্ৰধান শিক্ষয়িত্ৰী লীনা বৰাৰ উপস্থিতিত এই উপলক্ষে আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানত ৪ফুট বহলকৈ প্ৰায় ৫৫ মিটাৰ দৈৰ্ঘৰ পথটি উদ্বোধন কৰি সভাপতি গৰাকীয়ে সহ শিক্ষয়িত্ৰী ৰূপালী মহন্তক উচ্চ প্ৰশংসা কৰি বছৰ বছৰ ধৰি বহু অসুবিধাৰ সন্মুখীন হোৱা ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলক উপকৃত কৰিব বুলি মন্তব্য কৰে৷ বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰি স্থানীয় কেইবাজনো গন্যমান্য ব্যক্তিৰ লগতে ৰূপালী মহন্তৰ স্বামী তথা বিদ্যালয়খনিৰ প্ৰাক্তন শিক্ষক নিত্যানন্দ মহন্ত উপস্থিত থকা অনুষ্ঠানত প্ৰধান শিক্ষয়িত্ৰী লীনা বৰাই ১৯৭৫ চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনিৰ চমু ইতিহাস দাঙি ধৰি ৰূপালী মহন্তৰ বদান্যতাক ভূয়সী প্ৰশংসা কৰে৷ নিজৰ চমু বক্তব্যত পথটিৰ নিৰ্মাতা সহ শিক্ষয়িত্ৰী গৰাকীয়ে বিশেষকৈ বাৰিষা কালত ছাত্ৰী আৰু বিদ্যালয়ৰ সমূহ সদস্যসকলে দীৰ্ঘ দিন ধৰি ভোগী অহা অসুবিধাৰ প্ৰত্যক্ষ কৰি নিজৰ সীমিত উপাৰ্জনৰ পৰাই পথটো পকীকৈ নিৰ্মাণ কৰাৰ সংকল্প লয় আৰু যোৱা মাৰ্চ মাহৰ শেষৰ ফালেই পথটিৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে যদিও ক’ৰোণা ভাইৰাচৰ প্ৰাদুৰ্ভাৱৰ ফলত লকডাউন আৰম্ভ হোৱাত আজিৰ দিনটোতহে পথটো অনূষ্ঠানিকভাৱে মুকলি কৰা হয় বুলি মন্তৱ্য কৰি উদ্বোধক ত্ৰিদীপ গগৈকে প্ৰমুখ্য কৰি উপস্থিত সকলোকে কৃতজ্ঞতা জনায়৷