Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যত পুনৰ সাংবািদকক আক্ৰমণঃ সাংবাদিক আব্দুল খালেক আহমেদক বিজেপি নেতাৰ গুণ্ডাবাহিনীৰ আক্ৰমণ

গণ বাৰ্তা, হাউলী, গণ বাৰ্তা, উত্তৰ বৰপেটা, ২৮ অক্টোবৰ ঃ বৰপেটাৰোড প্ৰেছ ক্লাবৰ উপ- সভাপতি, দৈনিক গণ অধিকাৰ’ কাকতৰ বৰপেটাৰোডৰ প্ৰাক্তন সংবাদদ...

গণ বাৰ্তা, হাউলী, গণ বাৰ্তা, উত্তৰ বৰপেটা, ২৮ অক্টোবৰ ঃ বৰপেটাৰোড প্ৰেছ ক্লাবৰ উপ- সভাপতি, দৈনিক গণ অধিকাৰ’ কাকতৰ বৰপেটাৰোডৰ প্ৰাক্তন সংবাদদাতা তথা ‘আসাম টকছ’ৰ বৰপেটাৰোডৰ সাংবাদিক আব্দুল খালেক আহমেদক দেওবাৰে নিশা উত্তৰ বৰপেটাৰোডত সুজিত সৰকাৰ (টেপা)ৰ নেতৃত্বত একাংশ দুৰ্বৃত্তই প্ৰহাৰ কৰি  গুৰুতৰভাৱে আহত কৰে। প্ৰাপ্ত খবৰ মতে, দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত উত্তৰ বৰপেটাৰোডৰ মেইন ৰোডত দুটা পক্ষৰ কাজিয়া হৈছিল। সেই বাতৰি সংগ্ৰহৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছিল সাংবাদিক আব্দুল খালেক আহমেদ। ঘটনাটোৰ সংক্ৰান্তত যাৱতীয় ভিডিঅ’ কৰিবলৈ আৰম্ভ কৰে।  তাকে দেখি বিজেপি নেতা সুজিত সৰকাৰে তেওঁৰ সোঁহাত সজল সৰকাৰৰ সহযোগত উচটনি দিয়াত একাংশ লোকে সাংবাদিক আহমেদলৈ চোঁচা মাৰি আহি প্ৰহাৰ কৰাৰ লগতে তেওঁৰ লগত থকা ম’বাইল দুটা কাঢ়ি লৈ যায়। 

সাংবাদিক আহমেদে জনোৱা মতে, সেই সময়ত তেওঁৰ দুই মিটাৰ কাষতে  বৰপেটাৰোড আৰক্ষীৰ লোক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত আছিল। উক্ত স্থানত  বিজেপি নেতা সুজিৎ সৰকাৰ ওৰফে টেপাই আহি ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ গুণ্ডাগিৰি চৰিত্ৰ উদঙাই উপস্থিত যুৱকসকলক পৰিকল্পিতভাবে উচটনি দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। সাংবাদিক আহমেদক কিয় মিছা বাতৰি পৰিৱেশন কৰা বুলি ওলোটাই প্ৰশ্ন কৰাত পৰিস্থিতিয়ে বেছি হিংসাত্মক ৰূপ লয়। তেতিয়া সজল সৰকাৰ নামৰ আন এজন যুৱকে কিছুসংখ্যক যুৱকক পুনৰ তেওঁক মাৰিবলৈ আৰম্ভ কৰাত গুৰুতৰভাৱে আহত হয় আহমেদ। শেষত ঘটনাস্থলীৰ পৰা দৌৰি কোনোমতে পলায়ন কৰি তেওঁ প্ৰাণ ৰক্ষা কৰে। নিশাই সতীৰ্থ সাংবাদিকৰ সহযোগত বৰপেটাৰোড আৰক্ষীয়ে সাংবাদিক আহমেদৰ আঘাত গুৰুতৰ হোৱা বাবে বৰপেটাৰোড চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায়। সাংবাদিক আহমেদে চকু, মূৰ আৰু ভৰিত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। সোমবাৰে ৰাতিপুৱা  বৰপেটাৰোড প্ৰেছ ক্লাবত অনুষ্ঠিত এক সভাত এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনোৱা হয়। 

উক্ত সভাই এনেদৰে সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ উচিত তদন্ত কৰি বিজেপি নেতা সুজিত সৰকাৰ আৰু সজল সৰকাৰসহ আন অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।   আনহাতে, এই ঘটনাৰ ন্যায় আৰু দোষীক উচিত শাস্তি দিয়াৰ আবেদন কৰি আব্দুল খালেক আহমেদে  বৰপেটাৰোড প্ৰেছ ক্লাবৰ সাংবাদিকসকলক লৈ বৰপেটাৰোড আৰক্ষী থানাত উপস্থিত হৈ সোমবাৰে এখন এজাহাৰ দাখিল কৰে। সাংবাদিক আহমেদক আক্ৰমণ কৰা কাৰ্যক ‘আজু’ৰ সভাপতি পংকজ নাথ, সাধাৰণ সম্পাদক নকুল তালুকদাৰ, অসম প্ৰদেশ সাংবাদিক সন্থাৰ উপদেষ্টা ৰত্নেশ্বৰ তালুকদাৰ, জিলা আমছুৰ সভাপতি ছফিউৰ ৰহমান, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ৰূপম নাথ, যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদ, হাউলী প্ৰেছ ক্লাবৰ সম্পাদক নাৰায়ণ গোস্বামী, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক খলিলুৰ ৰহমান আদিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ইয়াৰ লগত জড়িত দোষী ব্যক্তিসকলক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে।

No comments