Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পৰম্পৰা ৰক্ষা শিৱসাগৰৰ ঐতিহাসিক দেৱীদ’লত বলি

    গণ বাৰ্তা, শিৱসাগৰ, ২৩ অক্টোবৰ :  ঐতিহাসিক শিৱসাগৰত দুৰ্গাদেৱী দ’লত আহোম যুগৰ পৰম্পৰা ৰক্ষা কৰি আজি দুৰ্গাপূজা অনুষ্ঠিত কৰা হয়। আজি সপ্ত...

   

গণ বাৰ্তা, শিৱসাগৰ, ২৩ অক্টোবৰ :  ঐতিহাসিক শিৱসাগৰত দুৰ্গাদেৱী দ’লত আহোম যুগৰ পৰম্পৰা ৰক্ষা কৰি আজি দুৰ্গাপূজা অনুষ্ঠিত কৰা হয়। আজি সপ্তমী দিনটোত পুৱাৰ ভাগৰে পৰা দ’ল প্ৰাঙ্গণত একাংশ ভক্তই ভিৰ কৰে। অনেক লোকে ঐতিহাসিক দ’লটোত পূজা-অৰ্চনা কৰাৰ লগতে বলি-বিধান সম্পন্ন কৰে। দ’লৰ পূজাৰীৰ মন্ত্ৰপাঠৰ পিছতেই ভিতৰভাগত পৰম্পৰাগতভাৱে কোমোৰা বলি দিয়া হয়। শিৱসাগৰ গায়নগাঁও সমাজে সামাজিক দূৰত্ব বজাই ৰাখি হাঁহ বলি দিয়াৰ ব্যৱস্থা কৰে। দুৰ্গাদেৱীক সন্তুষ্ট কৰাৰ সমান্তৰালকৈ অপায়-অমঙ্গল দূৰ কৰাৰ বাবে পঠা ছাগলীও বলি দিয়া হয়। দ’লৰ চৌহদতেই অস্থায়ীভাৱে নিৰ্মাণ কৰা বলিশালত হাঁহ আৰু  ছাগলী বলি দিয়া হয়। কাইলৈ দ’ল প্ৰাঙ্গণত বলি-বিধান প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। অৱশ্যে পূৰ্বৰ দৰে সামূহিকভাৱে বলি-বিধান দিয়াৰ পৰিৱৰ্তে পৰম্পৰা ৰক্ষা কৰি কেইটামান হাঁহ আৰু ছাগলী বলি দিয়েই এই প্ৰক্ৰিয়াৰ যৱনিকা পেলোৱা হ’ব। 

পূৰ্বৰে পৰা দ’লৰ কাষতেই স্থায়ী বলিশালত শ শ ছাগলী আৰু হাঁহ বলি দিয়া হৈছিল যদিও এইবাৰ উক্ত বলিশালত বৰ্তমানলৈকে বলি-বিধান সম্পন্ন কৰা হোৱা নাই। উদ্‌যাপন সমিতিৰ বিষয়ববীয়াসকলৰ পৰা জানিব পৰা মতে আজি কিছুসংখ্যক হাঁহ আৰু ছাগলী বলি দিয়া হয় যদিও ভালেসংখ্যক লোকে বলিৰ বাবে লৈ অহা হাঁহ আৰু ছাগলী পূজা-অৰ্চনা কৰাৰ পিছত বলি দিয়াৰ পৰিৱৰ্তে ভক্তসকলৰ হাতত গতাই দিয়া হয়। কাইলৈও একে প্ৰক্ৰিয়াৰে পৰম্পৰা ৰক্ষা কৰি কেইটামান হাঁহ আৰু ছাগলী বলি দি বাকী হাঁহ-ছাগলীসমূহ পূজা সম্পন্ন কৰাৰ পিছত গৰাকীৰ হাতত তুলি দিয়া হ’ব। উল্লেখ্য যে ১৭১৪-৪৪ খ্ৰীষ্টাব্দৰ ভিতৰত স্বৰ্গদেউ শিৱ সিংহৰ পত্নী ৰাণী অম্বিকা দেৱীয়ে দুৰ্গাদেৱীৰ দ’ল নিৰ্মাণ কৰোৱাই ইয়াৰ ভিতৰভাগত স্থায়ীভাৱে দুৰ্গাদেৱীৰ প্ৰতিমা স্থাপন কৰোৱাইছিল।

আহোম যুগৰে পৰা দ’লটোৰ ভিতৰত থকা দুৰ্গাদেৱীৰ প্ৰতিমাৰ সন্মুখত পুৱা-গধূলি ভক্তসকলে নিয়মীয়াকৈ পূজা-অৰ্চনা কৰি আহিছে। আহোম স্বৰ্গদেউৰ দিনতেই পূজা-অৰ্চনাৰ বাবে দায়িত্ব অৰ্পণ কৰা পূজাৰীৰ পৰিয়াল বংশানুক্ৰমে সদাজাগ্ৰত এই দ’লত পূজা-অৰ্চনা কৰি আহিছে। তদুপৰি স্বৰ্গদেউসকলৰ ৰাজত্ব কালতেই বলি-বিধানৰ দায়িত্ব লাভ কৰা বলিকটীয়া পৰিয়ালৰ লোকসকলেও বংশানুক্ৰমে কোমোৰা, হাঁহ, ছাগলী আদি বলি দি পৰম্পৰা ৰক্ষা কৰি আহিছে। আজি অনেক লোকে বলিৰ বাবে অনা হাঁহ আৰু ছাগলীসমূহ পূজাৰীৰ দ্বাৰা পূজা কৰোৱাৰ পিছত পুনৰ ঘৰলৈ লৈ যোৱা পৰিলক্ষিত হয়। 

অৱশ্যে ইয়াৰে দুই-এক ব্যক্তিয়ে শিৱসাগৰৰ পুখুৰীত বলিৰ বাবে অনা হাঁহ মুকলি কৰি দিয়াৰ লগতে আন দুই-এক ব্যক্তিয়ে বলিৰ বাবে অনা ছাগলী দ’ল চৌহদতেই মুকলি কৰি দিয়াৰ দৃষ্টিগোচৰ হয়। পূজা উদ্‌যাপন সমিতিয়ে ক’ভিড প্ৰট’কল ৰক্ষা কৰি দ’ল প্ৰাঙ্গণত যাতে সকলো ভক্তই শাৰীৰিক ব্যৱধান ৰক্ষা কৰি চলে তাৰ ব্যৱস্থা হাতত লৈছে। আজিৰ তুলনাত কাইলৈ মহাষ্টমীৰ দিনটোত অধিক লোকৰ সমাগম হ’ব বুলি ধাৰণা কৰা হৈছে। যাৰ বাবে উদ্‌যাপন সমিতিয়ে সামাজিক বা শাৰীৰিক ব্যৱধানৰ দিশটো গুৰুত্ব সহকাৰে লোৱাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে ক’ভিড প্ৰট’কলৰ সমান্তৰালকৈ কিনকিনীয়া বৰষুণেও এই দুৰ্গোৎসৱৰ ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। কালি নিশাৰে পৰা অহা কিনকিনীয়া বৰষুণে এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে।

 ইয়াৰ মাজতো অৱশ্যে দুৰ্গাদেৱীক সন্তুষ্ট কৰাৰ বাবে ভক্তসকলৰ আগমন পৰিলক্ষিত হৈছে। শিৱসাগৰ চহৰত ঐতিহাসিক দেৱীদ’লৰ সমান্তৰালকৈ বহু পুৰণি হিন্দু ধৰ্মসভা নামঘৰ সমাজ, শ্ৰীশ্ৰী কালী মন্দিৰ দুৰ্গা পূজা উদ্‌যাপন সমিতি, ৰংপুৰ ৰে’লৱে দুৰ্গা পূজা উদ্‌যাপন সমিতি, ভাৰতমাতা দুৰ্গা পূজা উদ্‌যাপন সমিতি, শ্ৰীশ্ৰী সাৰ্বজনীন দুৰ্গা পূজা উদ্‌যাপন সমিতি, পুলিচ ৰিজাৰ্ভ দুৰ্গা পূজা উদ্‌যাপন সমিতি,  নেপালী বাবা মন্দিৰ দুৰ্গা পূজা উদ্‌যাপন সমিতি, এ টি ৰোড সাৰ্বজনীন পূজা উদ্‌যাপন সমিতি, কলংঞ্চুপাৰ দুৰ্গা পূজা উদ্‌যাপন সমিতি, এ টি ৰোডৰ সাৰ্বজনীন দুৰ্গা পূজা উদ্‌যাপন সমিতি, লক্ষ্মীনগৰ দুৰ্গা পূজা উদ্‌যাপন সমিতি, বাৰোৱাৰী দুৰ্গা পূজা উদ্‌যাপন সমিতি, নৱজ্যোতি দুৰ্গা পূজা উদ্‌যাপন সমিতি, অ’এনজিচি দুৰ্গা পূজা উদ্‌যাপন সমিতি, সাৰ্বজনীন দুৰ্গা পূজা উদ্‌যাপন সমিতি, শ্ৰীশ্ৰী নৱযুৱক দুৰ্গা পূজা উদ্‌যাপন সমিতি, শ্ৰীশ্ৰী নৱ দুৰ্গোৎসৱ দুৰ্গা পূজা উদ্‌যাপন সমিতি সহিতে মুঠ ২১খন সমিতিয়ে দুৰ্গাপূজা অনুষ্ঠিত কৰিছে। কিন্তু আজি নিশা এপৰলৈকে প্ৰতিখন পূজা মণ্ডপত সীমিতসংখ্যক লোকৰহে সমাগম ঘটা পৰিলক্ষিত হৈছে। প্ৰতিকূল বতৰ আৰু ক’ভিড-১৯ৰ বাবে এনে পৰিৱেশৰ সৃষ্টি হোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

No comments