Page Nav

HIDE

এইবাৰ প্ৰতিৰক্ষাত ব্যয় সংকোচনঃ সেনাবাহিনীৰ খৰচ হ্ৰাস কৰিবলৈ তৎপৰ চৰকাৰ

নতুন দিল্লী, ১৮ অক্টোবৰ ঃ দেশৰ ৰাজহুৱা খণ্ডসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাই মুনাফা অৰ্জনৰ চেষ্টা চলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন...

নতুন দিল্লী, ১৮ অক্টোবৰ ঃ দেশৰ ৰাজহুৱা খণ্ডসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাই মুনাফা অৰ্জনৰ চেষ্টা চলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এইবাৰ সেনাবাহিনীৰ ওপৰত দিছে শেনদৃষ্টি। চৰকাৰে সেনাবাহিনীৰ ওপৰত হৈ অহা ব্যয় হ্ৰাস কৰিবলৈ উঠি-পৰি লাগিছে। ইতিমধ্যে চৰকাৰে সেনাবাহিনীৰ বহু পদ পূৰণ নোহোৱাকৈ ৰাখিছে। তেনে সময়তে সেনাবাহিনীৰ ওপৰত হোৱা খৰচ আৰু হ্ৰাস কৰাৰ তৎপৰতা অৱলম্বন কৰিছে।  সেনাবাহিনীৰ বিভিন্ন বিভাগত বহু পদ পূৰণ নোহোৱাকৈয়ে আছে। মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ (এম ই এছ)ত প্ৰায় ১৩,০০০ পদ পূৰণ নোহোৱাকৈ আছিল যদিও ইয়াৰে ৯ হাজাৰ পদ বিলুপ্ত কৰিছে। ইয়াৰ উদ্দেশ্য ব্যয় হ্ৰাস কৰা। ইয়াৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে এইবাৰ ভাৰতীয় সেনাবাহিনীৰ ওপৰত হৈ অহা অত্যধিক ব্যয় হ্ৰাস কৰিবলৈ তৎপৰতা অৱলম্বন কৰিছে। চৰকাৰে ইয়াক লৈ এক প্ৰস্তাৱ উত্থাপন কৰিছে। 

যাক লৈ এতিয়া সেনাৰ ভিতৰচ’ৰাত খলকনিৰ সৃষ্টি কৰিছে। চৰকাৰৰ প্ৰস্তাৱ অনুসৰি ১৫ জানুৱাৰীত হোৱা স্থলসেনা দিৱস আৰ্মী ডে’ৰ সমাৰোহ বন্ধ কৰা, ৯ অক্টোবৰত হোৱা বিভিন্ন ৰেজিমেণ্টৰ পেৰেড বন্ধ কৰা, সেনা বিষয়াসকলৰ ব্যক্তিগত মেছসমূহ বন্ধ কৰা আৰু পীচ ষ্টেচন ইউনিটৰ চি এছ ডি কেণ্টিন বন্ধ কৰাকে ধৰি বহু প্ৰস্তাৱ ৰাখিছে। এই প্ৰস্তাৱক লৈ এতিয়া সেনাবাহিনীৰ ভিতৰচ’ৰাত খলকনিৰ সৃষ্টি হৈছে। উল্লেখ্য যে বৰ্তমানৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰ আৰ্থিক সংকটৰ মুখামুখি হ’বলগীয়া হৈছে। কোৰোনা মহামাৰীৰ ফলস্বৰূপে চৰকাৰে এতিয়া আৰ্থিক সংকটৰ মুখামুখি হোৱাৰ বাবে তেওঁলোকে বিভিন্ন বিভাগত হোৱা অতিৰিক্ত খৰচ হ্ৰাস কৰাৰ চেষ্টা চলাইছে। যিহেতু চৰকাৰে যি হাৰত জি এছ টি সংগ্ৰহ কৰিব লাগিছিল সেই হাৰত জি এছ টি সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। ফলত এক ভয়ংকৰ আৰ্থিক সংকটৰ মুখামুখি হৈছে কেন্দ্ৰীয় চৰকাৰ। 

এই আৰ্থিক সংকট লাঘৱ কৰাৰ উদ্দেশ্যৰে চৰকাৰে এতিয়া সেনাবাহিনীৰ এইসমূহত হৈ অহা খৰচ হ্ৰাস কৰিবলৈ বিচাৰিছে। চৰকাৰৰ এই প্ৰস্তাৱৰ শীৰ্ষক হৈছে ‘অ’প্টিমাইজেচন অৱ মেনপাৱাৰ এণ্ড ৰিছ’ৰ্চেছ ঃ ৰিভিউ অৱ এণ্ড প্ৰেক্টিচেছ ইন দ্য আৰ্মী’। আজি ৰাষ্ট্ৰীয় সংবাদ-পত্ৰ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি চৰকাৰে এই প্ৰস্তাৱ সেনাৰ মুখ্য কাৰ্যালয় আৰু ব’ৰ্ডলৈ প্ৰেৰণ কৰিছে।  এই প্ৰস্তাৱ অনুসৰি গণৰাজ্য দিৱস আৰু বিটিং ৰিট্ৰীট চেৰিমনীত হোৱা বেণ্ড, পাইপ আৰু ড্ৰামৰ সংখ্যা ৩০ৰ পৰা হ্ৰাস কৰি ১৮টা কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি চৰকাৰে প্ৰস্তাৱত বিজয় দিৱস আৰু কাৰ্গিল বিজয় দিৱস উপলক্ষে আয়োজন হোৱা কাৰ্যসূচী কম ব্যয়ৰে আয়োজন কৰিবলৈ কোৱা হৈছে।