Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কেন্দ্ৰই প্ৰতিখন ৰাজ্যলৈ আগবঢ়াব সুদবিহীন ১২ হাজাৰ কোটি টকাৰ ঋণঃ সংবাদমেল যোগে ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলী সীতাৰমণৰ

নতুন দিল্লী, ১২ অক্টোবৰ ঃ কোৰোনা মহামাৰীৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা ৰাজ্য চৰকাৰসমূহক সহায়ৰ হাত আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যৰ অৰ্থব্যৱ...

নতুন দিল্লী, ১২ অক্টোবৰ ঃ কোৰোনা মহামাৰীৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা ৰাজ্য চৰকাৰসমূহক সহায়ৰ হাত আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যৰ অৰ্থব্যৱস্থা গতিশীল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক সুদমুক্ত ১২ হাজাৰ কোটি টকাকৈ ঋণ আগবঢ়াব বুলি আজি ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আজি সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্যস্তৰত মুকলি কৰা আঁচনিসমূহ সম্পূৰ্ণ কৰি তোলাৰ বাবে তেওঁলোকক সুদমুক্ত ঋণ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ উপৰি সংবাদমেলত বিত্তমন্ত্ৰীগৰাকীয়ে কয় ক’ভিড-১৯ৰ ফলত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলে ভ্ৰমণ কৰাত কিছু ব্যাঘাত জন্মিছে।

চলিত বৰ্ষত চৰকাৰী কৰ্মচাৰীসকলে ভ্ৰমণ কৰিব নোৱাৰিব বুলিও আশংকা প্ৰকাশ কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। সেইবাবে চৰকাৰী কৰ্মচাৰীসকলক নগদ ধনৰ ভাউচাৰ আগবঢ়াব বুলি ঘোষণা কৰি তেওঁ কয় যে এই নগদ ধনৰ ভাউচাৰৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলে নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব। তেওঁ কয়- অৰ্থব্যৱস্থা আগুৱাই নিবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক ভ্ৰমণ বানচ ৰূপে নগদ ১০ হাজাৰ টকাৰ ভাউচাৰ আগবঢ়োৱা হ’ব। এই ভাউচাৰৰ জৰিয়তে যিসমূহ সামগ্ৰীত জিএছটি বলৱৎ হৈ আছে তেনে সামগ্ৰী ক্ৰয় কৰিব পাৰিব।  এই ভাউচাৰৰ ধন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ২০২১ৰ ৩১ মাৰ্চৰ ভিতৰত খৰচ কৰিব লাগিব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫,৬৭৫ কোটি টকা ব্যয় কৰিব বুলি প্ৰকাশ কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। লগতে কেন্দ্ৰীয় বেংকসমূহে ১,৯০০ কোটি টকা ব্যয় কৰিব।

No comments