Page Nav

HIDE

ছয় দিনৰ চিআইডিৰ জিম্মালৈ প্ৰশ্নকাকত ফাদিলৰ নায়ক দিবন ডেকা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ অক্টোবৰ ঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত প্ৰশ্নকাকত ফাদিলেৰে লুণ্ঠন চলোৱা সদ্য নিলম্বিত বিজেপিৰ  নে...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ অক্টোবৰ ঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত প্ৰশ্নকাকত ফাদিলেৰে লুণ্ঠন চলোৱা সদ্য নিলম্বিত বিজেপিৰ  নেতা দিবন ডেকাক আজি আদালতে ছয় দিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে চিআইডিয়ে সাত দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে ছয় দিনৰ জিম্মাত দিয়ে। মন কৰিবলগীয়া যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰীক লৈ ২১য২০ নম্বৰত এক গোচৰ ৰুজু কৰিছিল চিআইডিয়ে। যোৱা ৩০ ছেপ্টেম্বৰত নাটকীয়ভাৱে দিবন ডেকাই বৰপেটাৰ পাটাছাৰকুছিত আত্মসমৰ্পণ কৰিছিল। ১ অক্টোবৰত দিবন ডেকাক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত আদালতে পাঁচ দিনৰ বাবে অপৰাধ অনুসন্ধান শাখাৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। 

অপৰাধ অনুসন্ধান শাখাৰ জিম্মাৰ ম্যাদ উকলি যোৱাত আজি আদালতত হাজিৰ কৰা হয়। এইবাৰ চিআইডিয়ে ছয় দিনৰ জিম্মাত নিয়ে। অসম আৰক্ষীৰ প্ৰশ্নকাকত ফাদিলৰ মূল নায়ক আছিল দিবন ডেকা। ২০ ছেপ্টেম্বৰৰ এদিন পূৰ্বেই ধনৰ বিনিময়ত বছা বছা প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিছিল।  প্ৰাক্তন আৰক্ষী বিষয়া পি কে দত্তৰ সহযোগত দিবন ডেকাই নিযুুক্তিৰ নামত ক’লা বজাৰ গঢ়ি তুলিছিল। অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে দিবন ডেকা।