Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কভিড-১৯ প্ৰতিৰোধী নিয়মাৱলীক জন আন্দোলনলৈ উন্নিত কৰাৰ চেষ্টা ডিব্ৰুগড় প্ৰশাসনৰ

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৯ অক্টোবৰ :  ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত  পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত সোমবাৰে...


গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৯ অক্টোবৰ :  ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত  পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত সোমবাৰে ক'ভিড-১৯ৰ যথোচিত ৰীতিক এক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত আলোচনা কৰা হয়৷ সভাত আৰক্ষী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, বিভিন্ন চৰকাৰী বিভাগ আদিক জড়িত কৰি কিদৰে ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে তথা এইবিধ ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰাৰ বাবে ল'বলগীয়া সাৱধানতাৱলী, বিশেষকৈ ক'ভিড-১৯ যথোচিত ৰীতি সন্দৰ্ভত জন সজাগতা সৃষ্টি কৰা হ'ব সেই দিশত বিস্তৃত আলোচনা কৰা হয়৷ সভাত অতিৰিক্ত উপায়ুক্ত  ডিপু কুমাৰ ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা আৰু অন্যান্যসকল উপস্থিত থাকে৷ উল্লেখ্য যে, ইতিমধ্যে ডিব্ৰুগড়ত ব্যক্তিগত খণ্ডৰ স্কুল - কলেজ সমূহ খুলি দি পাঠদান আৰম্ভ কৰাৰ লগে লগে দেখা গৈছে কোনেও কভিড প্ৰট'কল মানি চলা নাই। মুখত মাস্ক ব্যৱহাৰ নকৰাকৈ আৰু শ্ৰেণীকোঠা সমুহতো কোনো ব্যৱধান নৰখাকৈ ছাত্ৰ ছাত্ৰী সকলে  নিজৰ আসনত বহি পাঠ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ বজাৰ সমাৰ আদিও যেন এক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। আগন্তুক দুৰ্গা পূজাৰ বাবেও মানুহে বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। গতিকে এনে  সময়ত ডিব্ৰুগড় প্ৰশাসনৰ এই ব্যৱস্থা  ফুটুকাৰ ফেনতহে পৰিণত হোৱাৰ আশংকা কৰিছে একাংশ ৰাইজে।

[ ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা ]

No comments