Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমত কডিড-১৯ৰ ভেকচিন বিনামূলীয়া হ’বঃ নগাঁৱত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৩ অক্টোবৰ :  ‘ক’ভিড-১৯ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিছে। ক’ভিড-১৯ প্ৰতিৰোধৰ ক...




ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৩ অক্টোবৰ :  ‘ক’ভিড-১৯ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিছে। ক’ভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ডাঙৰ ডাঙৰ ৰাজ্যই হাত দাঙি দিছে। তেওঁলোকে চৰকাৰী চাকৰিয়ালক দৰমহা দিব নোৱাৰো বুলি কৈছে। আমি ৬ মাহত  চিকিৎসা কৰিছো, টেষ্ট কৰিছো, ক’ভিড প্ৰতিৰোধৰ বাবে আমাৰ চৰকাৰে যিমান কাম কৰিছে ভাৰতৰ বহু ৰাজ্যই সেই কাম কৰিব পৰা নাই। আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পৰা ক’ভিড প্ৰতিৰোধৰ বাবে এটকাও কৰ্তন কৰা নাই ।’ —এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আজি নগাঁৱত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি তেওঁ কয় - এই ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে সকলোৱে মাস্ক পৰিধান কৰা উচিত। সকলোৱে সাৱধানতা অৱলম্বন কৰা ভাল। মই সকলোকে এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছো । ক’ভিডৰ ভেকচিন বিনামূলীয়া হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়- ভাৰত চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আছে। অসমলৈ আহিলে আমি ব্যৱস্থা গ্ৰহণ কৰিম। তেওঁ লগতে কয়- ক’ভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত প্ৰথম বুলি ক’লেও ভুল কোৱা নহ’ব। অসমে ক’ভিড প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ক’ভিড প্ৰতিৰোধৰ বাবে অসমে ছয় মাহত বহু কাম কৰিছে বুলি মন্তব্য কৰি ডঃ শৰ্মাই কয়- এতিয়া অসমত ক’ভিড ৰোগী হ্ৰাস পাইছে। এয়া অসমবাসীৰ বাবে ভাল খবৰ। ৯০ শতাংশতকৈও অধিক লোক সুস্থ হৈ উঠিছে।

No comments