গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০২ অক্টোবৰ : পুৰণি পেন্সন নীতি বাহাল ৰাখি নতুন পেন্সন নীতি বাতিলৰ দাবীত সমগ্ৰ ভাৰতবৰ্ষত গান্ধী জয়ন্তীৰ স'তে ...
গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০২ অক্টোবৰ : পুৰণি পেন্সন নীতি বাহাল ৰাখি নতুন পেন্সন নীতি বাতিলৰ দাবীত সমগ্ৰ ভাৰতবৰ্ষত গান্ধী জয়ন্তীৰ স'তে সংগতি ৰাখি সংকল্প দিৱস পালন কৰা হয়। ইয়াৰ অংশ হিচাবে ডিব্ৰুগড় জিলা চৰকাৰী কৰ্মচাৰী সন্থাৰ উদ্যোগত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত সংকল্প দিৱস পালন কৰা হয়। জিলা সমিতিৰ সভাপতি দিলীপ সিঙৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা স্বচ্ছ ভাৰত অভিযান, অসমৰ ব্ৰেণ্ড এম্বেছেদৰ ড° শশীকান্ত শইকীয়াই। তেখেতৰ নেতৃত্বৰ 'গ্ৰীণ ক্লাবে' ধাৰাবাহিকভাৱে ১৯২০ দিনৰ স্বচ্ছতাৰ কাৰ্যসূচী সম্পন্ন কৰিছে। গ্ৰীণ ক্লাৱৰ সকলো সদস্যকে সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে এন পি এছ সন্থাই কানৈ কলেজৰ ক'ভিড কেয়াৰ চেণ্টাৰত স্বচ্ছতাৰ কাৰ্যসূচীত অংশ লৈ চাফাই অভিযান সম্পন্ন কৰে গ্ৰীণ ক্লাবৰ সহযোগত। জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ নতুন পেন্সন নীতিৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকল একত্ৰিত হৈ কানৈ কলেজৰ পৰা থানা চাৰিআলিলৈকে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন বাহাল ৰখাৰ দাবীত পদ সমদল কৰা হয়। থানা চাৰিআলিস্থিত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূ্ৰ্ত্তিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰি তাতে সংকল্প গ্ৰহণ কৰা হয়। সংকল্প গ্ৰহণ কৰি পৰৱৰ্তী সময়ত জনজাগৰণ সৃষ্টি কৰি সম্পূৰ্ণ কৰম সংস্কৃতি বজাই ৰাখি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি দিলীপ সিং আৰু যুটীয়া সম্পাদকদ্বয় মনোজ মহন, নন্দৰাম তাঁতীয়ে জানিবলৈ দিয়ে। সংকল্প দিৱসৰ সকলো কাৰ্যসূচী ক'ভিড প্ৰট'কল ৰক্ষা কৰি সম্পন্ন কৰা হয়।
[ ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা ]
No comments