Page Nav

HIDE

বিজেপি ৰাজ্যিক চাহ মৰ্চাৰ কাৰ্য্যনিৰ্বাহকৰ আয়োজন

গণবাৰ্তা বিশেষ, ১৩ যোৰহাট  : অক্টোবৰ:- অহা ১৫ আৰু ১৬ অক্টোবৰত যোৰহাটৰ জিলা পুথিভৰালৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত বিজেপি চাহ...


গণবাৰ্তা বিশেষ, ১৩ যোৰহাট  : অক্টোবৰ:- অহা ১৫ আৰু ১৬ অক্টোবৰত যোৰহাটৰ জিলা পুথিভৰালৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ আয়োজন কৰা হৈছে| ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা সভাত প্ৰথম দিনাৰ কাৰ্য্যসুচীত ১২ বজাৰ পৰা অনুস্থিত হব লগা সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকিব| আনহাতে দ্বিতীয় দিনা দিনৰ ২ বজাৰ পৰা অনুস্থিত হব লগা সভাত ৰাজ্যৰ স্বাস্থ্য শিক্ষা বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সঞ্জয় কিষান, পল্লৱ লোচন দাস, কামাখ্যা প্ৰসাদ তাচা, ৰাজ্যিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা,বিধায়ক টেৰচ গোৱালাকে ধৰি বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে জানিব দিছে| দুয়োদিনৰ কাৰ্য্যসুচীত সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তা সকলে|