Page Nav

HIDE

অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নেকি সোণাৰি : সোণাৰিত বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজন আটক

গণ বাৰ্তা, চৰাইদেউ, ৮ অক্টোবৰ : দিনক দিনে অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নেকি সোণাৰি ? অপৰাধ জগতৰ লগত জড়িত কোনো লোকে সোণাৰি নগৰক অপৰাধীৰ কৰি...


গণ বাৰ্তা, চৰাইদেউ, ৮ অক্টোবৰ : দিনক দিনে অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নেকি সোণাৰি ? অপৰাধ জগতৰ লগত জড়িত কোনো লোকে সোণাৰি নগৰক অপৰাধীৰ কৰিড'ৰ হিচাপে গঢ়ি তুলিবলৈ বিচাৰিছে নেকি ? তেনে এক আশংকাই দেখা দিছে নৱগঠিত চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ সচেতন মহলত। যিহেতু বিগত কিছুদিন ধৰি সোণাৰিৰ নগৰৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলত সংঘটিত হৈছে ইটোৰ পিছত সিটো অপৰাধ। আজি সোণাৰি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আৰম্ভ কৰা এক অভিযানৰ পাছত এই আশংকা অধিক বৃদ্ধি পোৱা দেখা গৈছে। তথ্য অনুসৰি আজি আবেলি ডিব্ৰুগড় জিলা আৰক্ষীৰ পৰা লাভ কৰা এক খবৰ অনুসৰি সোণাৰি আৰক্ষীয়ে সোণাৰি নগৰত এক অভিযান চলাই অবৈধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত তিনিগৰাকী কৈ লোকক আটক কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় আৰক্ষী আৰু সোণাৰি আৰক্ষীৰ যুটীয়া অভিযানত আটকধীন তিনি অভিযুক্তৰ হাতৰ পৰা আৰক্ষীয়ে প্ৰায় তিনি লক্ষাধিক টকা মূল্যৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে সোণাৰি নগৰত সন্দেহজনক ভাৱে ঘুৰি ফুৰা অৱস্থাত আটক কৰে তিনিওজনকে। ইয়াৰে এগৰাকী পুৰুষ আৰু দুগৰাকী মহিলা। আটকাধীন লোক কেইগৰাকীৰ নাম ক্ৰমে ৰফিকুৰ ৰহমান, জুলি ৰয় আৰু ৰীতা দেৱী। আটাই কেইগৰাকীকে আটক কৰি সোণাৰি আৰক্ষীয়ে সম্প্ৰতি সুধাপোছা অব্যাহত ৰাখিছে যদিও অধিক তথ্য সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই।  ইফালে অসম-নগালেণ্ড সীমান্তৰ নামতোলাৰ পৰাই অবৈধ ড্ৰাগছৰ সৰবৰাহ দীৰ্ঘদিন ধৰি অব্যাহত থকা বুলি জানিব পৰা গৈছে। নামতোলা অঞ্চলত ড্ৰাগছ, সুৰা তথা জুৱাৰ আড্ডাৰ ঘাটি স্থাপন কৰি নগালেণ্ডত গোপনে ইয়াৰ ব্যৱসায় চলাই থকা বুলি এক সুত্ৰ অনুসৰি জানিব পৰা গৈছে। ইফালে এই কাৰ্যৰ লগত জড়িত এটা চক্ৰই একাংশ  সংগঠনৰ নেতাক মেনেজ কৰি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত গোপনে ড্ৰাগছ ব্যৱসায়ৰ এখন পেলাবলৈ আৰম্ভ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি সোণাৰি নগৰৰ মাজমজিয়াত থকা এটা গোপন গৃহৰপৰাই এটা অসাধু চক্ৰই এই ব্যৱসায় অব্যাহত ৰখা বুলি অভিযোগ উত্থাপন হৈছে যদিও প্ৰকৃততে সেই গৃহটো কোন স্থানত আছে সেই কথা এতিয়াও জ্ঞাত নহয় । যাৰ ফলত আৰক্ষী তথা সংবাদ মাধ্যমৰ চকুত ধুলি দি অবৈধ ব্যৱসায় অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।