গণ বাৰ্তা, টেঙাখাত, ১৭ অক্টোবৰ : টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় তথা লোক নিৰ্মাণ বিভাগ টেঙাখাত উপ সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অধীনত - টেঙাখাত...
গণ বাৰ্তা, টেঙাখাত, ১৭ অক্টোবৰ : টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় তথা লোক নিৰ্মাণ বিভাগ টেঙাখাত উপ সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অধীনত - টেঙাখাত চাবুৱা পথৰ পৰা চৰাই চুঙী হাবি গাঁৱলৈ বিস্তৃত সদ্য নিৰ্মাণ কৰি থকা তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথৰ ওপৰত আঁচনিৰ মৰ্মে ঠিকাদাৰে সদ্যহতে নিৰ্মাণ কৰি থকা আৰ-চি-চি পকী দলংখন অতি নিম্ন মান দণ্ডেৰে নিৰ্মাণ কৰাত সচেতন ৰাইজ ক্ষুব্ধ হৈ পৰিছে । আজি পুৱা স্থানীয় গাওঁবুঢ়াৰ লগতে একাংশ ৰাইজে উক্ত নিৰ্মীয়মান দলঙৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলং সহ: ১,৯০,৬৩,৭৮১.০০ টকাৰ আঁচনিত ঠিকাদাৰে পথৰ কাম নিম্ন মানদণ্ডেৰে কৰা বুলি অভিযোগ কৰি অহাৰ লগতে উল্লেখিত দলংখন ইতিমধ্যে নিৰ্মাণ কৰি থকাৰ অৱস্থাতে জহি খহি যোৱাৰ হেতুকে সচেতন প্ৰতিবাদী ৰাইজে বিভাগীয় কতৃপক্ষ তথা জনপ্ৰতিনিধিক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । ইয়াৰ অন্যথা ধাৰাবাহিক প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ প্ৰদান কৰিছে । ( মনজিৎ বৰা,টেঙাখাত )
No comments