Page Nav

HIDE

যোৰহাট আৰক্ষীৰ জালত আই পি এল জুৱাৰী লক্ষাধিক টকা জব্ধ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১২ অক্টোবৰ : যোৰহাট আৰক্ষীৰ   জালত পৰিছে আই পি এল জোৱাৰীৰ দল । ইতিমধ্যে তিনিটা জোৱাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ধৃ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১২ অক্টোবৰ : যোৰহাট আৰক্ষীৰ   জালত পৰিছে আই পি এল জোৱাৰীৰ দল । ইতিমধ্যে তিনিটা জোৱাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ধৃত জোৱাৰী কেইটাৰ পৰা লক্ষাধিক টকাৰ লগতে কেইবাটাও মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে । যোৱা নিশা  তিতাবৰৰ পৰা মাধৱজ্যোতি শইকীয়া(৩০) ,নীলমণি দাস(৩৩) আৰু দেৱজ্যোতি গগৈ(২৮)নামৰ তিনি জুৱাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।ধৃত জুৱাৰী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে তিতাবৰ আৰক্ষী থানাত ৩৫৩/২০ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি ১২০ বি/ ২৯৪এ/ ৪২০ আৰ ডব্লিউ চেক্সন ৬৭ ডি আই টি এক্ট ,আৰ/ ডব্লিউ গোচৰ পঞ্জীয়ন কৰি  বৰ্তমানেও সমগ্ৰ যোৰহাট জিলাতে আৰক্ষীয়ে আই পিল জোৱাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।