Page Nav

HIDE

যোৰহাটত , জিলা কংগ্ৰেছৰ সমষ্টি ভিত্তিক নিৰ্বাচন কেন্দ্ৰিক সাংগঠনিক তৎপৰতা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ৯ অক্টোবৰ   :  যোৰহাট জিলা কংগ্ৰেছৰ  কায্যালয়ত আজি কংগ্ৰেছৰ  এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। যোৰহাট জিলা কংগ্ৰেছৰ প্ৰশা...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ৯ অক্টোবৰ   :  যোৰহাট জিলা কংগ্ৰেছৰ  কায্যালয়ত আজি কংগ্ৰেছৰ  এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। যোৰহাট জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক কৃষ্ণকান্ত দাসৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি আগন্তক সময়ত জিলা কংগ্ৰেছৰ সদস্যসকলৰ তৎপৰতা কেনেকুৱা হব লাগিব আৰু কংগ্ৰেছৰ নীতি আদর্শৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মিডিয়া বিভাগৰ তত্বাৱধায়ক অভিজিত ফুকনে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনায় যে আজিৰ এই সাংগঠনিক সভাখনিত যোৰহাট জিলা কংগ্ৰেছ কমিটিত নতুন নিযুক্তি প্ৰদান আৰু যোৰহাট সদৰ সমষ্টিৰ অন্তৰ্গত ব্লক তথা কিছু মণ্ডল কংগ্ৰেছত সাংগঠনিক সাল-সলনিৰে সংগঠন তৃণমূল পয্যায়ত শক্তিশালী কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে। বিজ্ঞপ্তিটোত মিডিয়া বিভাগৰ তত্বাৱধায়কে জনায় যে যোৰহাট জিলা কংগ্ৰেছ কমিটিয়ে যোৰহাট বাঘচোং ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি যোগেন প্ৰতিভ গগৈ, নগৰ ব্লক কংগ্ৰেছৰ সভাপতি দেৱজ্যোতি শ্ৰুতিকৰ, ৩১ নং মধ্য চাৰিগাঁও গাওঁ পঞ্চায়তৰ সভাপতি বুবুল দত্ত, ৩৭ নং ৰজাহাউলি গাওঁ পঞ্চায়তৰ সভানেত্ৰী যমুনা দাস, ৩৫ নং পতিয়া ফকলা কংগ্ৰেছ কমিটিৰ বিপুল বৰা আৰু দেৰগাঁওৰ ৰাণা হাজৰিকাক জিলা কংগ্ৰেছৰ সম্পাদক হিচাপে নিযুক্তি দিয়ে। লগতে বাঘচোং ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে চৰাইবাহী জিলা পৰিষদৰ সদস্য উত্তম গগৈ আৰু নগৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে দেৱজিত বৰদলৈ, কায্যকৰি সভাপতি হিচাপে ক্ৰমে সঞ্জীৱ ঘোষ আৰু চাদিকুৰ ৰহমানক দায়িত্বভাৰ অৰ্পণ কৰে। ইয়াৰ উপৰিও ৩০ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে পৰেশ চন্দ্ৰ নেওঁগ আৰু কায্যকৰি সভাপতি ৰূপে প্ৰশান্ত বৰা, ৩১ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে সূৰ্য শইকীয়া, ৩২ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে সুশীল বৰঠাকুৰ আৰু কায্যকৰি সভাপতি ৰূপে জিতুল হাজৰিকা, ৩৩ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে তৰুণ শইকীয়া আৰু কায্যকৰি সভাপতি ৰূপে সঞ্জয় বৰদলৈ, ৩৫ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে ৰাজেন দত্ত, ৩৬ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে শিৱ শইকীয়া, ৩৭ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে গুণেশ্বৰ দাস আৰু কায্যকৰি সভাপতি ৰূপে দেবেন চন্দ্ৰ বৰা, ৪৮ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে নকুল বৰা আৰু কায্যকৰি সভাপতি ৰূপে নৰেন তাঁতী, ৪৯ নং মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি ৰূপে ৰূপেশ্বৰ নেওঁগ, ৫০ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে ৰিক্ষেশ্বৰ গগৈ, ৫১ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে দিগন্ত ভূঞা আৰু কায্যকৰি সভাপতি ৰূপে দুলাল দত্ত, ৫২ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে অতুল বৰা, ৫৩ নং মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি ৰূপে দীপক কলিতা, ৫৪ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে প্ৰশান্ত বৰা তথা ৫৫ নং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰূপে উত্তম বৰা আৰু কায্যকৰি সভাপতি ৰূপে গুণেশ্বৰ বৰাক দায়িত্ব প্ৰদান কৰে। এই সভাখনিত কংগ্ৰেছ দলৰ ভগ্নী সংগঠন সমূহৰ বিষয়ববীয়া, জিলা, ব্লক, মণ্ডল আৰু ৱাৰ্ড সমূহৰ বিষয়ববীয়া তথা সক্ৰিয় কৰ্মীসহ প্ৰায় পাঁচ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।