ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৯ অক্টোবৰ : যোৰহাট নগৰৰ টোকোলাই দলঙৰ সমীপৰ পদ পথ এতিয়া গাড়ী মটৰচাইকেল পাৰ্কিং স্থানলৈ পৰিৱৰ্তন হৈছে । ফলত বাটৰুৱ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৯ অক্টোবৰ : যোৰহাট নগৰৰ টোকোলাই দলঙৰ সমীপৰ পদ পথ এতিয়া গাড়ী মটৰচাইকেল পাৰ্কিং স্থানলৈ পৰিৱৰ্তন হৈছে । ফলত বাটৰুৱা ৰাইজ পদ পথেদি অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে । যিহেতু সেই অঞ্চলত দিনে নিশাই সকলো সময়তে যান - যট সৃষ্টি হোৱাত খোজ কাঢ়ি অহা- যোৱা কৰা বাটৰুৱা ৰাইজ এতিয়া পদ পথেদিও অহা যোৱা কৰিব নোৱাৰা হৈছে । নগৰৰ টোকোলাই দলঙৰ ওপৰত আৰু সমীপৰ পদ পথৰ ওপৰতে যদি এনেকৈ গাড়ী - মটৰচাইকেল পাৰ্কিংৰ লগতে দোকান আদি থাকিলে বাটৰুৱা লোক নগৰৰ মাজেৰে কেনেকৈ অহা - যোৱা কৰিব ? এই সন্দৰ্ভত যান - বাহন আৰক্ষীৰ লগতে পৌৰসভাৰ বিভাগীয় বিষয়া সকল মৌন কিয় বুলিও ৰাইজে প্ৰশ্ন কৰিছে ।
No comments