Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বড়ো মুখ্য ভাষা হোৱাত আপত্তি নাই, কিন্তু অসমীয়া সহযোগী ভাষা হ’ব নোৱাৰেঃসংবাদমেলত নৱ শৰণীয়া

 বিটিচিত ছলে-বলে জাতীয় দল-সংগঠনক হাত কৰাৰ চেষ্টা চলাইছে বিপিএফে ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ :  বিটিচি নিৰ্বাচনক লৈ তৎপৰতা প্ৰকাশ ক...

 বিটিচিত ছলে-বলে জাতীয় দল-সংগঠনক হাত কৰাৰ চেষ্টা চলাইছে বিপিএফে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ :  বিটিচি নিৰ্বাচনক লৈ তৎপৰতা প্ৰকাশ কৰি আজি গণ সুৰক্ষা পাৰ্টীয়ে দিছপুৰত এক সংবাদমেলৰ আয়োজন কৰি বিপিএফৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। বিটিচিত বিজেপি-বিপিএফৰ গোপন বুজাবুজি চলি আছে বুলি উল্লেখ কৰি আজি কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই কয় যে আগন্তুক নিৰ্বাচনত ৩০তকৈ অধিক আসন লাভ কৰি গণ সুৰক্ষা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব। বিটিচি নিৰ্বাচনত প্ৰমোদ বড়ো জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰি বড়ো ভাষাক মুখ্য ভাষা হিচাপে বিটিচিত স্বীকৃতি দিয়াত ক্ষোভ প্ৰকাশ কৰে সাংসদগৰাকীয়ে। বিটিচিত ৮১ শতাংশ লোকে অসমীয়াতে লিখা-পঢ়া কৰিছিল বুলি উল্লেখ কৰি বিটিচিৰ অবড়োসকলৰ দুৰ্ভাগ্য যে ৰাজ্য চৰকাৰে বিটিচিত বড়ো ভাষাক মুখ্য ভাষা কৰিছে। 

সংবাদমেলত ক্ষোভ প্ৰকাশ কৰি নৱ শৰণীয়াই ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰাৰ আহবান জনাই কয় যে যদি চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে তেন্তে এই দাবীক সমগ্ৰ অসমলৈ লৈ যোৱা হ’ব। বড়ো ভাষা মুখ্য ভাষা হৈ থকাত আপত্তি নাই যদিও কোনো কাৰণতে অসমীয়া ভাষা সহযোগী ভাষা হ’ব নোৱাৰে। বড়ো-অবড়ো কৰিয়েই চৰকাৰে অসমীয়া ভাষাটোক চাৰি নম্বৰলৈ লৈ গ’ল বুলি ক্ষোভ উজাৰে সাংসদগৰাকীয়ে। আনহাতে, বিটিচিত ৰাজ্যপালৰ শাসনৰ সময়সীমা বৃদ্ধি কৰাত সন্তোষ প্ৰকাশ কৰে যদিও সময়মতে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে ধিক্কাৰ জনোৱাৰ লগতে কয় যে স্বতন্ত্ৰ নিৰ্বাচন আয়োগ চৰকাৰৰ মতেহে পৰিচালিত হৈছে। বিটিএডিত শেহতীয়াকৈ বিপিএফে জাতীয় দল-সংগঠনক ছলে-বলে হাত কৰাৰ চেষ্টা কৰি থকা বুলি উল্লেখ কৰে। 

No comments