Page Nav

HIDE

মঙলদৈত ছহিদ মোজাম্মিল হকৰ মৃত্যু দিৱস মাতৃভাষা দিৱস হিচাপে উদযাপন

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ৬ অক্টোবৰ ঃ ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মঙলদৈৰ মোজাম্মিল হকৰ মৃত্যু দিৱসটি  গৰিয়া-মৰিয়া-দেশী জাতীয় পৰ...

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ৬ অক্টোবৰ ঃ ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মঙলদৈৰ মোজাম্মিল হকৰ মৃত্যু দিৱসটি  গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত  আজি যৌথভাৱে পালন কৰা হয় । এই উপলক্ষে পুৱা  ৯ বজাত ছহিদ তৰ্পণ কৰে মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক বিচিত্ৰ কুমাৰ মেধি আৰু ছহিদভাতৃ বদৰুল হকে। ৯.৩০ বজাত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হাচিফুল ইছলামে ছহিদগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছতেই আৰম্ভ হয় মুকলি সভা আৰু স্মাৰক বক্তৃতানুষ্ঠান।  দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন ৰাজবংশীয়ে উদ্বোধন কৰা সভাখনত সভাপতিত্ব কৰে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে। সভাত দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই সন্মানীয় অতিথি ৰূপে  অংশগ্ৰহণ কৰি এই ছহিদ দিৱসটি অহাবাৰ সকলোৱে মিলি ৰাজ্যিক ভিত্তিত পালন কৰা হওক বুলি দৃঢ় মত পোষণ কৰে। ‘আমাৰ মুখৰ ভাষা, আমাৰ গামোচা, আমাৰ কৃষ্টি-সংস্কৃতি নোহোৱা হ’লে আমাৰ পৰিচয় হেৰাই যাব । 

আমাৰ গামোচাখনৰ যিয়ে আদৰ নুবুজে তেওঁ কেনেকৈ অসমীয়া বুলি দাবী কৰিব পাৰে।’ —এই মন্তব্য কৰি উপায়ুক্তগৰাকীয়ে ভাষাৰ কাৰণে, জাতিৰ কাৰণে প্ৰাণাহুতি  দিয়া ছহিদগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ সকলোকে আহ্বান জনায় । অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা চহিৰ ভূঞাই স্মাৰক বক্তা হিচাপে অংশ গ্ৰহণ কৰি মাধ্যম আন্দোলনৰ প্ৰথম ছহিদগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে মঙলদৈ অসামৰিক চিকিৎসালয়খন ছহিদ মোজাম্মিল হক অসামৰিক চিকিৎসালয়, মঙলদৈ হিচাপে নামকৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। আনগৰাকী বক্তা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ভৱেশ কাকতিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ বিপৰীতে মোজাম্মিল হকৰ দৰে ছহিদসকলৰ আত্মবলিদানৰ কথা মনত ৰাখি জাতীয় ঐক্য-সংহতিৰ বাবে কাম কৰিবলৈ সদৌটিকে আহ্বান জনায়। সভাত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসেও সন্মানীয় অতিথি ৰূপে  অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে।

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদ, পৰিষদৰ দৰং জিলা সমিতিৰ প্ৰাক্তন সভাপতি আমানুল্লাহ পাচা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, দৰং জিলা সাহিত্য সভাৰ উপ-সভানেত্ৰী বৰদা শইকীয়া, সম্পাদক গৌতমানন্দ গোস্বামী, প্ৰাক্তন সম্পাদক মুকুট হাজৰিকা, সাংস্কৃতিক সংগঠক ৰাজীৱ কুমাৰ ডেকা আৰু  জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিগন্ত ডেকা আৰু গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক মইনুল হক শইকীয়াই ভাষণ প্ৰদান কৰে । উদ্‌যাপন সমিতিৰ সভাপতি তথা সাংবাদিক মকছেদ আলী আৰু সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা অনুষ্ঠানত শিল্পী খনিন্দ্ৰ বৰা, চুমন জাহিদ আৰু মুকুট হাজৰিকাই গীত পৰিৱেশন কৰি অনুষ্ঠানৰ মাত্ৰা প্ৰদান কৰে।