Page Nav

HIDE

মাৰ্ঘেৰিটাত ক্ৰীড়া প্রতি আগ্ৰহী হৈছে যুৱক - যুৱতী , যুৱতী : অনুষ্ঠিত হৈছে এখনৰ পাছত আন খন ফুটবল খেল প্ৰতিযোগিতা

লেখাপানী, ১৪ অক্টোবৰ :   মাৰ্ঘেৰিটা মহকুমাত শেহতীয়াকৈ খেলৰ প্ৰতি আগ্ৰহী হৈ পৰিছে মহকুমাটোৰ বিভিন্ন গাঁৱৰ যুৱ খেলুৱৈ সকল । এখনৰ পাছত আন এখন ফ...


লেখাপানী, ১৪ অক্টোবৰ :   মাৰ্ঘেৰিটা মহকুমাত শেহতীয়াকৈ খেলৰ প্ৰতি আগ্ৰহী হৈ পৰিছে মহকুমাটোৰ বিভিন্ন গাঁৱৰ যুৱ খেলুৱৈ সকল । এখনৰ পাছত আন এখন ফুটবল খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে ক্ৰীড়া প্ৰেমী সকলে । অসম অলিম্পিক সন্থাৰ সম্পাদক তথা অসম ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে খেলৰ জগতখন পুনৰ সজীৱ হৈ উঠা পৰিলক্ষিত হৈছে । তেনেস্থলত লিডু লেখাপানী অন্তৰ্গত কাম্বা পচাবিল গাঁৱৰ ৰাজহুৱা খেল পথাৰত  যুৱ সংঘই মঙলবাৰে অনুষ্ঠিত কৰে চূড়ান্ত ফুটবল খেল প্ৰতিযোগিতা খনি । কুমচাই অঞ্চলৰ নমস্য ব্যক্তি প্ৰয়াত শ্যাম টাইনা আৰু প্ৰয়াত টেক বাহাদুৰ সোনাৰ সোঁৱৰণীত  আৰু কাম্বা পচাবিল যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হৈ হয় চূড়ান্ত ফুটবল প্ৰতিযোগিতা খনি । উক্ত খেল খনত  জাগুন এফ চি বনাম কুমচাই এফ চি মাজত অনুষ্ঠিত হয়  । চূড়ান্ত প্ৰতিযোগিতাত এক আৰু দুই গলৰ ব্যৱধানত কুমচাই এফ চি দলে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় আনহাতে দ্বিতীয় স্থান দখল কৰে জাগুন এফচি দলে ।  প্ৰতিযোগিতা খনি শুভ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছিল যুৱ নেতা লক্ষ্য কোঁৱৰক , কিন্তু  তেওঁ মাৰ্ঘেৰিটা সমষ্টিত উপস্থিত নথকাৰ হেতু প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰা মাৰ্ঘেৰিটাৰ যুৱ ব্যৱসায়ী ক্ৰমে কৰ্ণজোন গগৈ, ইন্টু ফুকন, আলোক ফুকন, নিৰ্মল নেওগ, ৰাণা নন্দীৰ সহযোগত দিহিং ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ সঞ্চালক শৰৎ গগৈয়ে এই চূড়ান্ত প্ৰতিযোগিতা খনি শুভ উদ্বোধন কৰে । উদ্বোধনী সভাত কাম্বা গাঁৱৰ চৰকাৰী গাওঁবুঢ়া, বিশিষ্ট কবি টীকা ভট্ৰাৰাই, প্ৰাক্তন প্ৰধান শিক্ষক ক্ৰমে চেংগাম লাব্রাম চিংফৌ, অমিক পানীকা, কুমচাইৰ প্ৰাক্তন ফুটবল খেলুৱৈ বিচা লা চিংফৌৰ উপৰিও বহু গণ্য মান্য লোকৰ লগতে উদ্যোক্তা সকল উপস্থিত থাকে  ।  ( লেখাপানীৰ পৰা শৰৎ গগৈ )