Page Nav

HIDE

দেশী জনগোষ্ঠীয় জাতীয় অভিৱৰ্তনঃ সুৰক্ষিত হ’ব লাগিব দেশী জনগোষ্ঠীৰ সামাজিক-ৰাজনৈতিক স্বনিয়ন্ত্ৰণৰ অধিকাৰ

চৈয়দ নুৰুল আমিন, ধুবুৰী, ১৮ অক্টোবৰ ঃ ধুবুৰীত আজি সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ দেশী জনগোষ্ঠীৰ সামাজিক ন্যায়, সম্পদৰ ওপৰত অধিকাৰ আৰু ৰা...

চৈয়দ নুৰুল আমিন, ধুবুৰী, ১৮ অক্টোবৰ ঃ ধুবুৰীত আজি সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ দেশী জনগোষ্ঠীৰ সামাজিক ন্যায়, সম্পদৰ ওপৰত অধিকাৰ আৰু ৰাজনৈতিক স্বনিয়ন্ত্ৰণৰ অধিকাৰ সুৰক্ষিত  কৰাৰ বাবে  জাতীয় অভিৱৰ্তন অনুষ্ঠিত হয় ধুবুৰীৰ মেলা কমিটীৰ প্ৰেক্ষাগৃহত ।  সভাত সাম্প্ৰতিক পৰিস্থিতি, ৰাজনৈতিক পৰিৱেশ আৰু  দেশী জনগোষ্ঠীয় লোকসকলৰ সামাজিক, সুৰক্ষা, অৰ্থনৈতিক নিৰাপত্তা আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কে বিশ¸দভাৱে আলোচনা কৰা হয়। আলোচনা কালত এটা কথা স্পষ্ট হয় যে স্বাধীনতাৰ পিছৰ পৰাই এটা সৰ্বভাৰতীয় দলে প্ৰব্ৰজনকাৰীসকলক ভোটবেংকৰ বাবে যিদৰে তৈলমৰ্দনৰ ৰাজনীতি কৰিছে, ঠিক সেইদৰে দেশী জনগোষ্ঠীটোৰ অস্তিত্বক বিপন্ন কৰি আহিছে।

 আনহাতে আই এম ডি টি অইন বাতিলৰ বিৰোধিতাৰে সৃষ্টি হোৱা বৰ্তমানৰ দলটোৱেও সাম্প্ৰদায়িক ৰাজনীতি কৰি প্ৰব্ৰজনকাৰী আৰু দেশীসকলক একাকাৰ কৰি দেশীসকলক সংখ্যালঘু মুছলমানৰ জেকেটত ভৰোৱাৰ  ৰাজনীতিৰে ভাৰতৰ স্বাধীনতাৰ পূৰ্বেও মুছলিম লীগৰ নেতা আব্দুল হামিদ খান ভাষাণীৰ অসমক পাকিস্তানৰ লগত চামিল কৰাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ কাৰ্যহে  যেন ৰূপায়ণ কৰিবলৈ প্ৰচেষ্টা কৰা যেন অনুভৱ হয়। যাৰ দ্বাৰা দেশী থলগিৰিসকলৰ পৰিচয় বিলুপ্ত কৰাত অৰিহণা যোগাই আহিছে। আনহাতে দেখা যায় যে বৰ্তমানৰ চৰকাৰখনে দেশী জনগোষ্ঠীটোৰ বাবে সুকীয়া জৰীপ আদি বহুকেইটা বিষয়ত ঘোষণা কৰি কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি  দিছিল। কিন্তু সেই জৰীপ ৰাষ্ট্ৰীয় দলটোৰ চৰকাৰখনে আৰম্ভ নকৰি দেশী জনগোষ্ঠীটোক প্ৰতাৰণা কৰা বুলি গণ্য  কৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমে।

কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত গঠন কৰি দিয়া সমিতিক আমি লিখিত আৰু শুনানিৰ ভিত্তিত মতামত আগবঢ়াই সবিস্তাৰে জনাইছিলো যে অসমৰ খিলঞ্জীয়াৰ সূত্ৰ কেতিয়াও চন-তাৰিখৰ ভিত্তিত হ’ব নালাগে। অসমত যিদৰে জনগোষ্ঠীয়  ইতিহাস আছে সেইদৰে প্ৰব্ৰজনৰো ইতিহাস আছে। তাৰ পিছতো বিভিন্ন মাধ্যমৰ জৰিয়তে জানিব পৰা মতে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাবে গ্ৰহণ কৰিবলৈ জাতীয় সংগঠন জড়িত থকা সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে। এনে হ’লে প্ৰায় ১৯০৬ চনৰ পৰা ১৯৩৮ চন আৰু তাৰ পিছলৈকে অহা প্ৰব্ৰজনকাৰীসকলক খিলঞ্জীয়া ভূমিপুত্ৰৰ মৰ্যাদা দিয়া হ’ব। যাৰ ফলত আমাৰ দৰে সৰু জনগোষ্ঠীক ধৰ্মীয় ভিত্তিত নিঃশেষ কৰি দিয়া হ’ব। এনেবোৰ সকলো কথাই আজিৰ অভিৱৰ্তনত বিস্তাৰিত আলোচনা কৰা হয়। সভাই মত পোষণ কৰে যে বৰ্তমানৰ ৰাজনৈতিক দলৰ চৰকাৰ, প্ৰশাসনে কেৱল ৰাজনৈতিক ভাষাহে বুজি পায়। চৰকাৰে ৰাজপথত হোৱা আন্দোলন আৰু দেৱাল লিখন পঢ়িব নাজানে। সেইবাবেই দেশী জনগোষ্ঠীৰ বৰ্তমান অসমত থকা ২৮ লাখ লোকৰ ভৱিষ্যতৰ বাবে আমি ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব । তাৰ উদ্দেশ্যৰে আজি  দেশী জনগোষ্ঠীৰ বুদ্ধিজীৱী, শিক্ষাবিদ, সমাজকৰ্মী আৰু সৰু-বৰ   দেশী জনগোষ্ঠীৰ সকলো সংগঠনক আমন্ত্ৰণ কৰি আনি  এক ৰাজনৈতিক তথা জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰা  বুলি সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ  কেন্দ্ৰীয় সভাপতি তথা অধিবক্তা এ এ এম ইনামুল হক আৰু সাধাৰণ সম্পাদক ইমদাদুল হক খণ্ডকাৰে জনায়।  আজিৰ এই জাতীয় অভিৱৰ্তনৰ শেষত  অসমৰ প্ৰায়  ২৮ লাখ  দেশী জনগোষ্ঠীৰ সামাজিক ন্যায়, সম্পদৰ ওপৰত  অধিকাৰ আৰু ৰাজনৈতিক স্বনিয়ন্ত্ৰণৰ অধিকাৰ সুৰক্ষিত  কৰাৰ বাবে ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ অধিবক্তা গিয়াচ উদ্দিন  আহমেদ, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনাৱাজ আহমেদ, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰেজাউল ইছলাম মণ্ডল, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা গুলবদন বানু মণ্ডল, সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ  কেন্দ্ৰীয় সভাপতি তথা অধিবক্তা এ এ এম ইনামুল হক আৰু সাধাৰণ সম্পাদক ইমদাদুল হক খণ্ডকাৰসহ প্ৰায় ১১জন ব্যক্তিক সদস্য হিচাবে লৈ এক সুকীয়া তথা উচ্চস্তৰীয় কমিটী গঠন কৰি দিয়ে আজিৰ জাতীয় অভিৱৰ্তনে। এই কমিটীখনে দেশী জনগোষ্ঠীৰ সামাজিক  ন্যায়, সম্পদৰ ওপৰত  অধিকাৰ আৰু ৰাজনৈতিক স্বনিয়ন্ত্ৰণৰ অধিকাৰ সুৰক্ষিত  কৰাৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে। আজিৰ এই জাতীয় অভিৱৰ্তনত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনাৱাজ আহমেদ, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰেজাউল ইছলাম মণ্ডল, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা গুলবদন বানু মণ্ডল, চিলাৰায় মহাবিদ্যালয়ৰ প্ৰবক্তা আনাৰুল ইছলাম মণ্ডলসহ অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় পাঁচ শতাধিক দেশী গোষ্ঠীয় লোক উপস্থিত আছিল।