Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লাহোৱাল আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

গণ বাৰ্তা, ডিব্ৰুগড়, ২৯ অক্টোবৰঃ  অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত  ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে মুখ্যমন্ত্...



গণ বাৰ্তা, ডিব্ৰুগড়, ২৯ অক্টোবৰঃ  অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত  ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ দহোতীয়াই। ইয়াৰ পিছতে ভাষণ প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। তেওঁ প্ৰায় ৬৮০০ বৰ্গফুটজোৰা নৱনিৰ্মিত ভৱনটো ১ কোটি ৬০ লাখ ৫৮ হেজাৰ টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ১৯৭৫ চনত স্থাপন হৈছিল লাহোৱাল আৰক্ষী থানা। ২০০৬ চনত এটা নতুন ভৱন নিৰ্মাণ কৰিছিল যদিও উচ্চমানৰ নাছিল। আজি উদ্বোধন কৰা নৱনিৰ্মিত ভৱনটোৱে বহু অভাৱ দূৰ কৰিব পাৰিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণৱা নন্দ গোস্বামী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, অৰুণাচল বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডীন ড০ সৃষ্টিধৰ দত্ত, অসম আৰক্ষী গৃহ নিৰ্মাণ বিভাগৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতা, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, চক্ৰধৰ গগৈ, উচ্চ পদস্থ আৰক্ষী বিষয়া সকল উপস্থিত থাকে।



No comments