Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

‘ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ছাঁটোতে বাঘ দেখেঃ সংবাদমেলত বিধায়ক ৰকিবুল হুছেইনৰ কটাক্ষ

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৯ অক্টোবৰ ঃ ‘ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ছাঁটোতে বাঘ দেখাৰ দৰে হৈছে। এতিয়া ৰাইজৰ বিজেপিৰ প্ৰতি মোহভংগ হৈছে, সেয়...

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৯ অক্টোবৰ ঃ ‘ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ছাঁটোতে বাঘ দেখাৰ দৰে হৈছে। এতিয়া ৰাইজৰ বিজেপিৰ প্ৰতি মোহভংগ হৈছে, সেয়েহে অধিকাংশ ৰাইজেই এতিয়া বিজেপিৰ সংগ এৰিছে। বিজেপিৰ সভা-সমিতিসমূহলৈকো ৰাইজ নোযোৱা হৈছে। যাৰ বাবে এতিয়া বিজেপি চৰম হতাশগ্ৰস্ততাত ভুগিছে।’ আজি বিয়লি নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী, অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে। একালৰ ঘনিষ্ঠ সতীৰ্থ, এতিয়াৰ ৰাজনৈতিক শত্ৰু, প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁক আক্ৰমণ কৰি প্ৰাক্তন মন্ত্ৰী হুছেইনে আৰু কয়, ‘তেওঁৰ কথাবোৰ আমাৰ সভ্যতাৰ বিৰোধী হোৱা হেতুকেই আজিকালি ৰাইজ তেওঁৰ সভালৈ নহা হৈছে। সেয়েহে তেওঁ সাম্প্ৰদায়িক কথা- বতৰা আৰম্ভ কৰিছে। যিটো সমাজৰ বাবে মুঠেই শুভ নহয়।’

 শেহতীয়াকৈ দুলীয়াজানৰ গেষ্ট হাউছত এজেপিৰ এজন নেতাৰ সৈতে মধ্য অসমৰ এজন কংগ্ৰেছ নেতাই আলোচনাত মিলিত হৈ নাহৰকটীয়া সমষ্টিত এজেপিৰ প্ৰাৰ্থী জিকোৱাৰ ষড়যন্ত্ৰ কৰা বুলি সংবাদ-পত্ৰত প্ৰকাশিত বাতৰিৰ কোনো সত্যতা নাই বুলি দাবী কৰি হুছেইনে কয়, এজেপিৰ কোনো নেতাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে মই লগ পোৱা নাই আৰু কথাও পতা নাই। এয়া বিজেপিৰ এক অপপ্ৰচাৰ। গাদী যাওঁ যাওঁ অৱস্থাত এয়া বিজেপিৰ অসংলগ্ন কথা-বতৰা। নাহৰকটীয়া সমষ্টিত কংগ্ৰেছ এইবাৰ জিকাটো নিশ্চিত। তদুপৰি সমষ্টিটোৰ কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকন নিজেই কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি কমিটীৰ সদস্যা। তেওঁৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত অপপ্ৰচাৰ চলোৱা হৈছে। কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ একালৰ কংগ্ৰেছ মন্ত্ৰী আৰু বৰ্তমানৰ বিজেপিৰ এজন মন্ত্ৰীয়ে চলাই থকা বুলি অভিযোগ তুলি হুছেইনে কাৰো নাম নোলোৱাকৈয়ে স্বভাৱসুলভ ভংগিমাৰে কয়, এসময়ৰ কংগ্ৰেছৰ আৰু এতিয়াৰ বিজেপি মন্ত্ৰীজনে ৰাজনৈতিক জলবায়ুৰ আগজাননী আনতকৈ আগতীয়াকৈ লাভ কৰে।

 তেওঁ দিল্লীত কংগ্ৰেছ নেতাৰে সঘন যোগাযোগ কৰি থকা বুলি দিল্লীত চৰ্চা হৈছে। দিল্লীত ওলোৱা খবৰ অনুসৰি বিহাৰৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতেই তেওঁ পুনৰ ৰাজনৈতিক বিস্ফোৰণ ঘটাই কংগ্ৰেছলৈ উভতি আহিব। মুখ্যমন্ত্ৰী পদটো জনজাতীয় লোকৰ বাবে সংৰক্ষণৰ পোষকতা কৰি সংবাদমেলত বিৰোধী দলৰ উপ-দলপতি, বিধায়ক হুছেইনে কয়, জিলা পৰিষদসমূহত পদ সংৰক্ষণ কৰাৰ দৰে অসমৰ মুখ্যমন্ত্ৰী পদটোও জনজাতীয় লোকৰ বাবে সংৰক্ষিত কৰিব লাগে। তেতিয়া বহু সমস্যাৰ সমাধান হ’ব। তেতিয়া মুখ্যমন্ত্ৰী হ’বলৈ উদগ্ৰীৱ হৈ থকাজনৰো মুদা মৰিব।  অসম গণ পৰিষদ দলৰ তিনিজন মন্ত্ৰীয়ে অচিৰেই বিজেপি দলত যোগদান কৰিব বুলি ভৱিষ্যদ্বাণী কৰি হুছেইনে লগতে আৰু কয়, এইবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বতে যে চৰকাৰ হ’ব সেইটো দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে। যোৱাবাৰ কংগ্ৰেছৰ ভোট বিভাজনৰ বাবে ৩০টা সমষ্টি কংগ্ৰেছৰ হাতৰ পৰা ওলাই যায়। কিন্তু এইবাৰ সেইটো নহ’ব। কংগ্ৰেছৰ মহাজোঁটত কোন কোন আছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ অতি কৌশলেৰে তেওঁ এৰাই চলে এআইইউডিএফৰ প্ৰসংগৰ পৰা। দলটোৰ নাম এবাৰো উল্লেখ নকৰাকৈ তেওঁ চিপিআই,চিপি এম, চিপিআই (এমএল), অজিত ভূঞাৰ সৈতে আলোচনা কৰাৰ বিষয়েহে উল্লেখ কৰে। 

অৱশ্যে তেওঁ বিজেপিবিৰোধী শক্তিক কংগ্ৰেছৰ মহাজোঁটত চামিল হ’বলৈকো আহ্বান জনায়। ইপিনে, কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰস্তাৱিত মিঞা মিউজিয়ামৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত হুছেইনে কয়, মিঞা মিউজিয়ামৰ কথা কোৱা অনুচিত। মই ব্যক্তিগতভাৱে কোনো কাৰণে মিঞা মিউজিয়ামৰ কথাত সমৰ্থন নকৰোঁ। অসমত এইবোৰ হ’ব নালাগে। এছ আই কেলেংকাৰীৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, এছ আই কেলেংকাৰীয়েই নহয় আৰু বহু বিয়াগোম কেলেংকাৰী ওলাব। এছ আই কেলেংকাৰীত যিহেতু পুলিচ জড়িত সেয়েহে তাৰ তদন্তৰ ভাৰ পুলিচক নিদি উচ্চ ন্যায়ালয়ৰ এজন ন্যায়ধীশৰ জৰিয়তে কৰাব লাগিছিল। তেতিয়া জোলোঙাৰ মেকুৰী বাহিৰ হৈ গ’লহেঁতেন। আজিৰ সংবাদমেলত প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, বিধায়ক নুৰুল হুদা, জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰেশ বৰাও উপস্থিত থাকে।

No comments