Page Nav

HIDE

লেখাপানী নৱজ্যোতিত টাই আহোম যুৱ পৰিষদৰ শাখা সমিতি গঠন

গণ বার্তা, লেখাপানী ৬ অক্টোবৰ : যি সময়ত অসমৰ জাতীয় সংগঠন সমূহে আঞ্চলিক দল গঠন কৰি ২০২১ ৰ বিধানসভা নিৰ্বাচনত গেৰুৱা দলটোত প্ৰতিহত কৰিবৰ বাবে ...



গণ বার্তা, লেখাপানী ৬ অক্টোবৰ : যি সময়ত অসমৰ জাতীয় সংগঠন সমূহে আঞ্চলিক দল গঠন কৰি ২০২১ ৰ বিধানসভা নিৰ্বাচনত গেৰুৱা দলটোত প্ৰতিহত কৰিবৰ বাবে সক্ৰিয় হৈ পৰিছে ,ঠিক তেনে সময়তে টাই আহোম যুৱ পৰিষদৰ সংগঠনটোৱেও নিজৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তুলিবৰ বাবে অঞ্চল সমূহত বিভিন্ন গাঁৱে ভুঁয়ে আঞ্চলিক আৰু শাখা সমিতি গঠন কৰিবৰ বাবে অধিক তৎপৰতা হৈ উঠাৰ পৰিলক্ষিত হৈছে । তেনেস্থলত তিনিচুকীয়া জিলাৰ লেখাপানী অঞ্চলৰ নৱজ্যোতি গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত সোমবাৰে টাই আহোম যুৱ পৰিষদৰ এখনি শাখা সমিতি গঠন কৰে সংগঠনটোৱে । প্ৰায় শতাধিক ৰাইজৰ উপস্থিতিত পুতুল কোঁৱৰৰ পৌৰহিত্যত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাত টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ক্ৰমে চাও হৰেন্দ্ৰ কুমাৰ ফুকন, চাও প্ৰশান্ত গগৈ, সহ সম্পাদক নৱজিৎ বৰুৱা, মাৰ্ঘেৰিটা মহকুমা সম্পাদক চাও জানা সন্দিকৈ, সাংগঠনিক সম্পাদক সুশীল গগৈৰ উপস্থিতিত এখনি সক্ৰিয় সৱল শাখা সমিতি গঠন কৰে । নৱজ্যোতি গাঁৱৰ নতুন শাখা সমিতিৰ সভাপতি চাও টিক্ষেশ্বৰ কোঁৱৰ আৰু সম্পাদক চাও ভদ্ৰ গগৈ সহ ২১ জনীয়া এখনি সুস্থ সৱল শাখা সমিতি গঠন কৰি দায়িত্ব অৰ্পণ কৰে । উক্ত সভাত টাই আহোম যুৱ পৰিষদৰ সংগঠনটোৱে অনাগত দিনত এই অঞ্চলৰ সামূহিক ভাৱ অভিযোগ সমূহ একত্ৰিত হৈ সমাধান ক্ষেত্ৰত যোগাত্মক ভূমিকা গ্ৰহণ কৰি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু শৈক্ষিক দিশত পৰিপক্ক হবলৈ সংগঠনটো ঐক্যবদ্ধ হব বুলি মত পোষণ কৰে সংগঠনটোৰ কেন্দ্ৰীয় আৰু আঞ্চলিক সমিতিৰ নেতৃবৰ্গই । ( লেখাপানীৰ পৰা শৰৎ গগৈ )