Page Nav

HIDE

বৰপথাৰ - টেঙানী সংযোগী পথৰ দূৰবস্থা : অতিৰিক্ত বোজা কঢ়িওৱা বালি গাড়ী সমূহৰ বাবে পথটো বেয়া হোৱাৰ অভিযোগ

                                                                                                       ফটো : দেৱাশীষ শৰ্মা, সৰুপথাৰ গণ বাৰ্ত...

                                                                                                      ফটো : দেৱাশীষ শৰ্মা, সৰুপথাৰ

গণ বাৰ্তা, সৰুপথাৰ, ৩ অক্টোবৰ  :  গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বাট পথ সমূহ দীৰ্ঘদিন ধৰি অসম চৰকাৰৰ গঢ়কাপ্টানী বিভাগে মেৰামতি নকৰাৰ বাবে এতিয়া মৰন ফান্দলৈ পৰিনত হৈছে | পথৰ মাজতেই লাগি ধৰে গাড়ীসমূহ | বেমাৰী লোককো সাঙি ভাৰ কৰিহে নিব লাগে পথ সমূহৰ দুৰৱস্হাৰ বাবে |  বৃহত্তৰ টেঙানি অঞ্চলৰ পৰা বৰপথাৰ নগৰ সংযোগী অতি গুৰুত্বপূৰ্ণ বৰপথাৰ-বৰহোলা-টেঙানি সংযোগী পথ টো প্ৰায় বিৰাল্লিছখন গাঁৱৰ লোকে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা অন্যতম পথটোৰ অৱস্থা বৰ্তমান তথৈবচ ।

সৰু গাড়ী চলাই পেট পোহাসকলে সামৰিব খুজিছে তেওঁলোকৰ বাহনসমূহ‌। পথটোৰ দুৰৱস্থাৰ বাবে চিকিৎসাৰ বাবে গৰ্ভৱতী মহিলাকো সাঙী কৰি নিব লগা হোৱা বুলি ৰাইজৰ দাবী ।

দৈনিক বহুসংখ্যক বালি কঢ়িওৱা বাহনৰ চলাচলৰ ফলতেই পথছোৱাই আজিৰ ৰূপ পোৱা বুলি জনালে স্থানীয় লোকে।

টেঙানিৰ বিভিন্ন স্থানৰ বালি মহলসমূহৰ পৰা অতিৰিক্ত ওজনৰ বালি বাহনসমূহে কঢ়িওৱা বুলিও অভিযোগ তুলিলে ভুক্তভোগীয়ে ।

ৰাইজৰ দাবী শীঘ্ৰে যাতায়তৰ উপযোগী কৰক সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উক্ত গড়কাপ্টানি পথছোৱা ।