লেখাপানী, ২০ অক্টোবৰ : প্ৰকৃত মানৱ সম্পদ গঢ়াৰ উৎকৃষ্ট নিদৰ্শন দাঙি দেখুৱালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃ বৃন্দই । যি সময়ত এচামে এ...
লেখাপানী, ২০ অক্টোবৰ : প্ৰকৃত মানৱ সম্পদ গঢ়াৰ উৎকৃষ্ট নিদৰ্শন দাঙি দেখুৱালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃ বৃন্দই । যি সময়ত এচামে একাংশ জাতীয় সংগঠনক চান্দা পাৰ্টি বুলি আখ্যা দি সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছে সেই সময়তে যুৱ ছাত্ৰ পৰিষদৰ নেতাই দাঙি দেখুৱালে এক বিপৰীত প্ৰতিছবি । এখনি অখ্যাত গাঁৱৰ খাটি খোৱা দৰিদ্ৰ পৰিয়ালৰ সহযোগত স্থাপন কৰিলে ছাত্ৰ ছাত্ৰী সকলৰ বাবে এটি টিউচন কেন্দ্ৰ । লক ডাউনৰ কবলত পৰি একাংশ শিশু আনুষ্ঠানিক শিক্ষাৰ পৰা বিৰত আছিল, পোৱা নাছিল অন লাইন পাঠ দান, বিমোৰত পৰিছিল খাটি খোৱা লোকে । তেনে সময়তে মুখত বিৰিঙালে হাঁহিৰ ৰেঙনি যুৱ ছাত্ৰ পৰিষদে । তিনিচুকীয়া জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল জাগুন নতুন নামফাই গাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি, টিৰাপ জাগুন আঞ্চলিক সমিতিৰ সহযোগত নতুন নামফাই শাখা সমিতিৰ উদ্যোগত জ্ঞানজ্যোতি পাঠশালা কেন্দ্ৰ নামেৰে এটি টিউচন কেন্দ্র নিৰ্মান কৰি গাঁওখনৰ উঠি অহা কণ কণ শিশু সকলৰ বাবে সুবিধা প্ৰদান কৰি শুভ উদ্বোধন কৰে । জ্ঞানজ্যোতি পাঠশালা কেন্দ্ৰটো গাঁওখনৰ শতাধিক পৰিয়ালৰ উপস্থিতিত প্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰে সংগঠনটোৰ জিলা সাধাৰণ সম্পাদক কাঞ্চন বৰাই, শুভ উদ্বোধন কৰে সংগঠনটোৰ উপদেষ্টা সঞ্জীৱ উলুপৰ লগতে সহযোগিতা কৰে আঞ্চলিক আৰু শাখা সমিতি নেতৃবৰ্গই । উদ্বোধনী অনুষ্ঠানত টিৰাপ জাগুন আঞ্চলিক সমিতিৰ সভাপতি হিতেশ্বৰ চেতীয়াৰ পৌৰহিত্যত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাত জিলা সমিতিৰ যুটীয়া সম্পাদক দেৱজিত আমৃত সোনাৰ, কাৰ্য্য নিৰ্বাহক সদস্য ঘনকান্ত গগৈ, দিহিং ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ সঞ্চালক শৰৎ গগৈৰ উপৰিও গাঁওখনৰ জ্যেষ্ঠ ব্যক্তি সকল উপস্থিত থাকে । উক্ত সভাতেই স্থানীয় ৰাইজে সকলো নেত্ৰী বৃন্দক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও কেন্দ্ৰটোত পাঠ দানৰ দায়িত্ব গ্ৰহণ কৰা শিক্ষয়িত্ৰী ক্ৰমে মৃদুলা দেউৰী আৰু পুণ্যৱতী দেউৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা উপৰিও কেন্দ্ৰটোৰ বাবে কিছুমান সামগ্ৰী প্ৰদান কৰে শংখনটোৱে । (লেখাপানীৰ পৰা শৰৎ গগৈ )
No comments