Page Nav

HIDE

নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ শ্ৰীৰাম ম’ৰৰ কৰোণাত আক্ৰান্ত হৈ মৃত্যু

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৬ অক্টোবৰ ঃ নগাঁৱৰ বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডাঃ শ্ৰীৰাম ম’ৰৰ আজি পুৱা সাত বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ...

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৬ অক্টোবৰ ঃ নগাঁৱৰ বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডাঃ শ্ৰীৰাম ম’ৰৰ আজি পুৱা সাত বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ। কোৰোনাত আক্ৰান্ত হৈ তেওঁ যোৱা ২২ দিন ধৰি গুৱাহাটীৰ এপলো হাস্পতালত চিকিৎসাধীন হৈ আছিল। প্ৰথম অৱস্থাত তেওঁৰ আৰ টি পি চি আৰ টেষ্ট কৰোৱাত তেওঁৰ দেহত ক’ভিড-১৯ পজিটিভৰ অৱস্থিতি ধৰা পৰিছিল যদিও চিকিৎসাৰ অন্তত পৰৱৰ্তী সময়ত কৰোৱা পৰীক্ষাত তেওঁৰ ক’ভিড নিগেটিভ ওলায়। কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সময়তে তেওঁক প্ল­াজ্‌মা থেৰাপীও দিয়া হৈছিল। কোৰোনাৰ স’তে দীঘলীয়া যুঁজ কৰি কোৰোনাৰ বিৰুদ্ধে জয়ী হ’লেও পিছলৈ তেওঁৰ হাঁওফাঁওৰ সংক্ৰমণ হয়। 

হাঁওফাঁওৰ সংক্ৰমণে পিছলৈ অতি জটিল ৰূপ ধাৰণ কৰে। চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন অৱস্থাতে আজি পুৱা ডাঃ ম’ৰৰ মৃত্যু হয়। বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডাঃ ম’ৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁৱত শোকৰ ছাঁ পৰে। ডাঃ শ্ৰীৰাম ম’ৰৰ জন্ম হৈছিল ১৯৪৬ চনত নগাঁও চহৰৰ হয়বৰগাঁৱত। নগাঁও চহৰতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পাছত তেওঁ হয়বৰগাঁও হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। পাছত গুৱাহাটীৰ কটন কলেজৰ পৰা আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। তাৰ পৰাই তেওঁ এম বি বি এছ আৰু পৰৱৰ্তী সময়ত মেডিচিন বিভাগত পিজি ডিগ্ৰী লাভ কৰে। চিকিৎসা-বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পাছতেই তেওঁ চৰকাৰী চিকিৎসক হিচাপে নগাঁও আৰু ধুবুৰী জিলাত কিছুদিন সেৱা আগবঢ়ায়। পিছত তেওঁ চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি নগাঁও চহৰৰ হয়বৰগাঁৱত এখন ক্লিনিক খুলি চিকিৎসা সেৱা আৰম্ভ কৰে। 

মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক হিচাপে তেওঁ গৃহচহৰ নগাঁৱৰ লগতে মধ্য অসমৰ মৰিগাঁও, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও জিলাৰ ৰাইজৰ মাজত অতি আস্থাভাজন আছিল। দৰিদ্ৰ ৰোগীক তেওঁ সহায়ৰ হাত আগবঢ়াইছিল। পৰৱৰ্তী সময়ত তেওঁ নগাঁও চহৰতে ‘জি ডি নাৰ্ছিং হোম’ নামৰ এখন ব্যক্তিগত চিকিৎসালয় স্থাপন কৰি ক্লিনিকৰ সমান্তৰালকৈ নাৰ্ছিং হোমখনতো চিকিৎসা সেৱা আৰম্ভ  কৰে। জিলাখনৰ মাৰোৱাৰী সমাজৰ লগতে অন্য বহু সামাজিক-ধৰ্মীয় অনুষ্ঠানৰ সৈতে ডাঃ ম’ৰ নিবিড়ভাৱে জড়িত আছিল। তেওঁ অসম সাহিত্য সভাৰ আজীৱন সদস্য আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰো সদস্য আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানসহ বহু ইষ্ট-কুটুম্বক ইহসংসাৰত এৰি থৈ যায়।