Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ধনৰ উৎস ঃ দিল্লী-কাশ্মীৰত ‘নিয়া’ৰ অভিযান

নতুন দিল্লী, ২৯ অক্টোবৰ ঃ জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনসমূহক যোগান ধৰা ধনৰ উৎস বিচাৰি দেশৰ বিভিন্ন ঠাইত ‘নিয়া’ই অভিযান আৰম্ভ কৰিছে। বুধব...

নতুন দিল্লী, ২৯ অক্টোবৰ ঃ জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনসমূহক যোগান ধৰা ধনৰ উৎস বিচাৰি দেশৰ বিভিন্ন ঠাইত ‘নিয়া’ই অভিযান আৰম্ভ কৰিছে। বুধবাৰে জম্মু-কাশ্মীৰত বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু বাতৰি কাকত প্ৰতিষ্ঠানত অভিযান চলোৱাৰ পিছত আজি পুৱাৰ ভাগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই দিল্লীৰ কে’বাঠাইত সন্ত্ৰাসবাদীৰ ধনৰ উৎস বিচাৰি অভিযান চলোৱা বুলি নিয়াৰ এক সূত্ৰই জানিবলৈ দিছে। দিল্লী আৰু কাশ্মীৰৰ শ্ৰীনগৰত অভিযান চলোৱা সময়ত স্থানীয় আৰক্ষী প্ৰশাসনেও নিয়াক সহযোগ কৰা বুলি সূত্ৰটোৱে সদৰী কৰিছে। জানিব পৰা মতে দিল্লী সংখ্যালঘু আয়োগৰ প্ৰাক্তন অধ্যক্ষ জাফাৰুল ইছলাম খানৰ বাসগৃহত আজি নিয়াই তালাচী অভিযান চলায়। খানৰ গৃহৰ উপৰি দিল্লীৰ আন দুঠাইৰ ছটাকৈ স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যালয়তো অভিযান চলোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, ফাউণ্ডেচন আদিলৈ দেশ-বিদেশৰ পৰা সাধাৰণ ৰাইজৰ সহায়ৰ বাবে কোটি কোটি টকা সাহায্য হিচাপে আহে আৰু ইয়াৰে একাংশ ধন সন্ত্ৰাসবাদী সংগঠনে লাভ কৰা বুলি নিয়াই তথ্য লাভ কৰিছে। এনে তথ্যৰ ওপৰত ভিত্তি কৰি আজি দিল্লী ‘চেৰিটী এলায়েন্স’ আৰু হিউমেন ৱেলফেয়াৰ ফাউণ্ডেচনৰ কাৰ্যালয়ত অভিযান চলায়। পুৱা ৬.৩০ বজাত চলোৱা এই অভিযান দিনৰ ১০.৩০ বজাত সম্পন্ন হয়। অভিযান কালত নিয়াই কম্পিউটাৰ, লেপটপ আৰু অন্যান্য ইলেকট্ৰ’নিক উপকৰণ জব্দ কৰি লৈ যায়। হিউমেন ৱেলফেয়াৰ ফাউণ্ডেচনৰ কোষাধ্যক্ষ মহম্মদ জাফৰ আৰু ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া নৌফেল পি কেক আটক কৰি লৈ যায় যদিও সন্ধিয়া সোধা-পোছাৰ অন্তত মুকলি কৰি দিয়ে। 

এই দুটা সংস্থাৰ বিৰুদ্ধে কাশ্মীৰত সন্ত্ৰাসবাদীসকলক সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে। হিউমেন ৱেলফেয়াৰ ফাউণ্ডেচনৰ কাৰ্যালয়ত আজি নিয়াই  চলোৱা অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত সংস্থাটোৰ ন্যাসৰক্ষী মুজতবা ফাৰুকে কয় যে হিউমেন ৱেলফেয়াৰ ফাউণ্ডেচন এটি স্বতন্ত্ৰ আৰু স্বচ্ছ সংস্থা। এই সংস্থা ভাৰতবৰ্ষৰ শিক্ষা, স্বাস্থ্য, আজীৱিকা, দৰিদ্ৰতা নিৰ্মূল আদি মহান কাৰ্যত নিয়োজিত হৈ আছে। এই অনুষ্ঠানৰ নথি-পত্ৰ আৰু ধনৰ উৎস স্বচ্ছভাৱে ভাৰতীয় আয়কৰ বিভাগৰ উপৰি চেৰিটী আয়োগত বাৰ্ষিকভাৱে দাখিল কৰি আহিছে। ইপিনে হিউমেন ৱেলফেয়াৰ মিডিয়াৰ ক’-অৰ্ডিনেটৰে জাৰি কৰা এক বিজ্ঞপ্তিত কয় যে নিয়াৰ তদন্তত ফাউণ্ডেচনে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াবলৈ সাজু। 

উল্লেখ্য যে জাফৰ উল ইছলাম খান দিল্লীৰ সংখ্যালঘু আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু চেৰিটী এলায়েন্স আৰু ইংৰাজী পষেকীয়া কাকত মিল্লী গেজেটৰ সম্পাদক প্ৰধান আৰু প্ৰতিষ্ঠাপক। জম্মু আৰু কাশ্মীৰৰ ‘ফালাহ-ই-আম-ট্ৰাষ্ট’, ‘জেকে ইতিম ফাউণ্ডেশন’, ‘শ্যেলভেশন মুভমেন্ট’, ‘ জে এণ্ড কে ভয়েছ অৱ ভিক্টিমছ’ৰ দৰে কাশ্মীৰৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থাসমূহৰ কাৰ্যালয়তো আজি নিয়াই তালাচী অভিযান চলায়।  আনহাতে বুধবাৰে কাশ্মীৰৰ ৯খন আৰু কৰ্নাটকৰ বাংগালুৰুত নিয়াই তালাচী চলাইছিল। ‘গ্ৰেটাৰ কাশ্মীৰ’ৰ স্বত্বাধিকাৰীৰ কাৰ্যালয়ৰ লগতে কে’বাটাও স্বেচ্ছাসেৱী সংস্থা, ট্ৰাষ্টৰ কাৰ্যালয় আৰু সেইবোৰৰ সৈতে জড়িত বিষয়ববীয়াৰ স্ব-গৃহতো নিয়াই তালাচী চলায়। কাশ্মীৰৰ মানৱ অধিকাৰৰ আন্দোলনৰ নেতা পাৰ্ভেজ খুৰৰমৰ গৃহটো নিয়াই তালাচী চলায়।

 তেওঁৰ সংস্থাই ‘জম্মু-কাশ্মীৰ’ কুৱালিচন ফৰ চিভিল ছ’চাইটীৰ কাৰ্যালয়তো নিয়াৰ বিষয়ববীয়াই তালাচী অভিযান চলাইছিল। পাৰভেচৰ দুগৰাকী সহযোগীৰ ঘৰতো তালাচী চলোৱা বুলি জানিব পৰা গৈছে। আনহাতে কাশ্মীৰৰ সন্ধানহীনৰ পৰিয়ালৰ সংগঠন ‘এছ’চিয়েচন অৱ পেৰেন্টছ অৱ ডিচএপিয়াৰ্ড পাৰ্চনচ্‌’ৰ প্ৰধান পাৰবিনা অহঙ্গেৰেৰ ঘৰতো কালি নিয়াই তালাচী অভিযান চলাইছিল। আনহাতে স্বেচ্ছাসেৱী সংস্থা ‘আৰ্থাইট’, জি কে ট্ৰাষ্ট’ৰ কাৰ্যালয় নিয়াই ছীল কৰিছে। নিয়াই জানিবলৈ দিয়া মতে ভাৰতীয় দণ্ডবিধিৰ ১২০-বি (অপৰাধমূলক ষড়যন্ত্ৰ), ১২৪-এ (ৰাষ্ট্ৰদ্ৰোহ) আৰু ইউএপিএ-ৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

No comments