Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত জাতীয় পৰিষদৰ আহ্বায়ক সমিতি গঠন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট,  ১৯ অক্টোবৰ :    অসম জাতীয় পৰিষদৰ যোৰহাট জিলাৰ আহ্বায়ক সমিতিখন আজি যোৰহাটৰ মুক্তি যুঁজাৰু ভৱনত অসম আন্দোলনৰ কৰ্মী নি...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট,  ১৯ অক্টোবৰ :    অসম জাতীয় পৰিষদৰ যোৰহাট জিলাৰ আহ্বায়ক সমিতিখন আজি যোৰহাটৰ মুক্তি যুঁজাৰু ভৱনত অসম আন্দোলনৰ কৰ্মী নিৰেন শৰ্মাৰ সভাপতিত্বত  অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সমন্বয়ক অদীপ কুমাৰ ফুকনে ভাষণত কয় অসম প্ৰথম সদায় চিৰদিন এই শ্লোগান আগত ৰাখি আমি ভৱিষ্যতৰ দিনত সকলোৱে আমি ঐক্যবদ্ধ হিচাপে কাম কৰি সম্প্ৰদায়িক দল বিজেপি দলক নিঃশেষ কৰিবৰ বাবে সকলোৱে বদ্ধ পৰিকৰ হ'ব লাগিব । সভাত অসম জাতীয় পৰিষদৰ যোৰহাটৰ সন্বয়ক হিচাপে নীৰেন শৰ্মা মুখ্য আহ্বায়ক হিচাপে ৰাজীৱ বৰা , দীপাঞ্জলি ভৰালী বৰা , ধ্ৰুৱজ্যোতি হাজৰিকা , আনন্দ চন্দ্ৰ দাস , পুতুল কলিতা , অপূৰ্ব শইকীয়া , হৰেন গগৈ , মফিজুৰ ৰহমান , মাধুৰ্য্য চাংকাকতি , সৌৰভ বৰা , ৰাজ শইকীয়া , অভিজিত গগৈকে লৈ ১২ জনীয়া মুখ্য আহ্বায়ক আৰু ৮৮ জন আহ্বায়ক লৈ এখন ১০০ জনীয়া শক্তিশালী আহ্বায়ক সমিতি গঠন কৰা হয় । সভাত অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ৰাজু ফুকন আৰু আহ্বায়ক ৰবীন দত্ত , লুচী নেওগ , বাহনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চেনিৰাম দত্ত , সৰ্বোদয় কলেজৰ প্ৰাক্তন অধ্যক্ষ আনন্দ চন্দ্ৰ দাস , শিক্ষাবিদ উপেন্দ্ৰ জিত মহন্ত , জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামী উপস্থিত থাকি দলটোৰ প্ৰতি শুভেচ্ছা তথা কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

No comments