Page Nav

HIDE

যোৰহাটৰ অধ:নিৰ্মিত কাৰ পাৰ্কিং নিৰ্মাণৰ দাবীত যুৱ - ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট , ৮ অক্টোবৰ :   যোৰহাট নগৰৰ  পুৰণা বেচৰকাৰী বাছ আস্থানত অধ:নিৰ্মিত হৈ থকা বহুমহলীয়া কাৰ পাৰ্কিং বিল্ডিংতো নিৰ্মাণ কৰা...


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট , ৮ অক্টোবৰ :   যোৰহাট নগৰৰ  পুৰণা বেচৰকাৰী বাছ আস্থানত অধ:নিৰ্মিত হৈ থকা বহুমহলীয়া কাৰ পাৰ্কিং বিল্ডিংতো নিৰ্মাণ কৰা আৰু এই কাৰ পাৰ্কিংৰ নিৰ্মাণ কাণ্ডত দুৰ্নীতিৰ সৈতে জড়িত থকা লোকসকলক শাস্তিৰ দাবীত অসম জাতীয়তাবাদী  যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিয়ে আজি যোৰহাট পৌৰসভাৰ কাৰ্য্যলয়ৰ সন্মুখত ধৰ্ণা প্ৰতিবাদেৰে উত্তাল কৰে । উল্লেখ্য যে   ২০১৩ চনতে সেই সময়ৰ যোৰহাট পৌৰসভাই ১০ কোটি ৫১ লাখ টকাৰ ব্যয়ৰে  বহুমহলীয়া কাৰ পাৰ্কিংৰ বাবে এটা বৃহৎ বিল্ডিং নিৰ্মাণৰ কাম আৰম্ভ   কৰিছিল । আৰু এই কামৰ আধাৰশিলা সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰিছিল। কিন্তু এই বিল্ডিংতো  বিগত ৭ টা বছৰে  সম্পূৰ্ন হৈ নুঠিল । বিপৰীতে ঠিকাদাৰে ইতিমধ্যে ৫ কোটি ৫০ লাখ টকা উলিয়াই নিলে । এই বিল্ডিংটো নিৰ্মাণৰ সন্দৰ্ভত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদে অভিযোগ উথাপন কৰিছে ।  সেইহে এই কাৰ পাৰ্কিংৰ বিল্ডিংতো নিৰ্মাণৰ দাবীত আৰু দুৰ্নীতি কৰা ঠিকাদাৰ আৰু পৌৰসভাৰ আন আন বিষয়াসকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ অসম জাতীয়তাবাদী  যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিয়ে আজি যোৰহাট পৌৰসভাৰ কার্যলয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে ।