Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

‘হিন্দু ধৰ্মৰ ঠিকাদাৰসকলৰ এতিয়াও মন্ত্ৰই মুখস্থ হোৱা নাইঃ জগদীশ ভূঞা : নলবাৰীত জাতীয় পৰিষদত দুই সহস্ৰাধিকৰ যোগদান

এম মহিবৰ ৰহমান, নলবাৰী, ২৯ অক্টোবৰ :  ‘আজমল সভ্যতা বিজেপিৰ নিজা সৃষ্টি। অসমত আজমল সভ্যতা বুলি কিবা সভ্যতা থকা বুলি ৰাইজে নাজানিলেও বিজেপিয়ে ...

এম মহিবৰ ৰহমান, নলবাৰী, ২৯ অক্টোবৰ :  ‘আজমল সভ্যতা বিজেপিৰ নিজা সৃষ্টি। অসমত আজমল সভ্যতা বুলি কিবা সভ্যতা থকা বুলি ৰাইজে নাজানিলেও বিজেপিয়ে আজমল সভ্যতাৰ প্ৰচাৰ চলাই ধৰ্মীয় মেৰুকৰণৰ আপ্ৰাণ চেষ্টা চলাই আছে।’—এই মন্তব্য অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখ্য সমন্বয়ক তথা প্ৰাক্তন বিধায়ক জগদীশ ভূঞাৰ। আজি নলবাৰীত অনুষ্ঠিত জাতীয় পৰিষদৰ গণ যোগদান সমাৰোহত অংশগ্ৰহণ কৰি নৱগঠিত আঞ্চলিক দলটোৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই আজমল কোন বুলি প্ৰশ্ন কৰি কয় যে অসমত কোনো আজমল সভ্যতা নাই। দুটা সভ্যতা থকা বুলি কৈ কয় দিল্লীক তৈলমৰ্দন কৰা ভাৰতীয় সভ্যতা আৰু অসমক ভাল পোৱা অসমীয়া সভ্যতা। জাতীয় পৰিষদে অসমীয়া সভ্যতা প্ৰতিষ্ঠা কৰিব বুলি মন্তব্য কৰে। আনহাতে, বদৰুদ্দিন আজমলক বিজেপিৰ ব্ৰেণ্ড এম্বেছাডৰ বুলি অভিহিত কৰি কয় যে আজমলৰ নাম কৈ কৈ বিজেপিয়ে ৰাজনীতি কৰি আছে। এআইইউডিএফ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও মন্তব্য কৰে জাতীয় পৰিষদৰ মুখ্য সমন্বয়কগৰাকীয়ে।

 বিজেপি দলে ধৰ্মৰ নামত জাতিক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কৰি থকা বুলিও অভিযোগ কৰে। আজি নলবাৰী চহৰৰ শংকৰদেৱ বিবাহ ভৱনত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ নলবাৰী নগৰ সমিতি গঠন আৰু যোগদান সমাৰোহৰ কাৰ্যসূচীত উপস্থিত থাকি জগদীশ ভূঞাই পুনৰ কয় যে সোতৰবাৰ মোগলৰ আক্ৰমণ সহ্য কৰা অসমীয়াই বদৰুদ্দিন আজমলক কেতিয়াও ভয় নকৰে। ‘কা’ৰ দ্বাৰা দিল্লীৰ পৰা অসমৰ ভাষা-সংস্কৃতি-জাতি নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে। ‘কা’ৰ দ্বাৰা জাতীয় সত্তা ধ্বংস হ’ব। অসমক ভালপোৱা আৰু অসমক বিৰোধ কৰা সম্প্ৰতি এই দুটা শিবিৰ অসমত আছে। সেয়ে স্বাভিমানৰ যুদ্ধত জাতীয় পৰিষদৰ জন্ম হৈছে। তেওঁ লগতে ইয়াকো কয় যে ২০২১ক লক্ষ্য কৰি অসম জাতীয় পৰিষদ গঠন হোৱা নাই। 

জাতীয়তাবাদক পুনৰ উজ্জীৱিত কৰাৰ চেষ্টা চলোৱা হ’ব বুলি মন্তব্য কৰি ভূঞাই  হিন্দুত্ববাদী নেতাক কটাক্ষ কৰি কয় যে হিন্দু ধৰ্মৰ ঠিকাদাৰসকলৰ এতিয়াও মন্ত্ৰই মুখস্থ হোৱা নাই। আনহাতে বৃহৎ এছ আই কেলেংকাৰী  জনতা ভৱনৰ পৰাই ডিজাইন কৰা হৈছিল বুলি ভূঞাই অভিযোগ কৰে। অসম জাতীয় পৰিষদৰ নলবাৰী জিলাৰ মুখ্য আহ্বায়ক নগেন ডেকাই সভাপতিত্ব কৰা আৰু কেন্দ্ৰীয় আহ্বায়ক অমল ডেকাই আঁত ধৰা সভাখনত উপস্থিত থাকি পৰিষদৰ ৰাজ্যিক আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে ভাষণত কয় যে সম্প্ৰতি ৰাজনীতিৰ পথাৰখনত থকা সুবিধাবাদীসকলক চিনাক্ত কৰাৰ সময় আহি পৰিছে। উজনি অসমত বিজেপি দলৰ ভেটি উছন হৈছে বুলি মন্তব্য কৰি বসুমতাৰীয়ে শদিয়াত অনুষ্ঠিত হিমন্তৰ সভাত মাত্ৰ তিনিশ মানুহ হোৱা বুলি মন্তব্য কৰে। 

আজিৰ সভাত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতা অদীপ ফুকন, লুচী নেওগ আদিয়ে ভাষণ প্ৰদান কৰে। সভাত নলবাৰী নগৰ সমিতিখন গঠন কৰাৰ উপৰি অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ আব্দুল হালিমকে ধৰি অগপ, বিজেপি আৰু কংগ্ৰেছৰ দুই সহস্ৰাধিক নেতা-কৰ্মীয়ে অসম জাতীয় পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ শিখৰ কুমাৰ শৰ্মা, অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অভিজিৎ কমল ভূঞা, কেন্দ্ৰীয় নেতা শিৱৰাম মৰাণ, মজিবুদ্দিন আহমেদকে ধৰি ভালেসংখ্যক কেন্দ্ৰীয় নেতা উপস্থিত থাকে। ইপিনে, সভাৰ প্ৰাক মুহূৰ্তত ঘগ্ৰাপাৰৰ নোনা নদীৰ পাৰৰ পৰা কে’বাশতাধিক সদস্যই বাইক ৰেলী কৰি কেন্দ্ৰীয় নেতৃবৃন্দক আদৰি আনে সভাস্থলীলৈ। ইপিনে, আজি নলবাৰী চহৰৰ এন টি ৰোডত পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অদীপ ফুকনে।

No comments