Page Nav

HIDE

চুলাই মদ বন্ধৰ দাবীত সাপেখাতীৰ হোলোঙামৰাত উত্তাল প্ৰতিবাদ

গণ বাৰ্তা , সাপেখাতী, ৪অক্টোবৰ :  চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ্বতী হোলোঙামৰা গাঁৱত আজি চুলাই মদ নিবাৰণৰ...


গণ বাৰ্তা , সাপেখাতী, ৪অক্টোবৰ :  চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ্বতী হোলোঙামৰা গাঁৱত আজি চুলাই মদ নিবাৰণৰ দাবীত ৰাইজে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি গাওঁখনত অবাধ ভাৱে চুলাই মদ,অৰুণাচলী সুৰা,মুকলিকৈ একাংশ লোকে বিক্ৰী কৰি আহিছে ।যাৰ ফলত গাওঁ খনত কটা মৰা,চোৰ ডকাইতি, ঘৰ জ্বলোৱা ,পৰিয়ালত হাই কাজিয়া আদি সংগঠিত হৈ  সামাজিক পৰিবেশ বিনষ্ট কৰাৰ লগতে  শৈক্ষিক পৰিৱেশ নষ্ট কৰি আহিছে।গাওঁ খনত অবাধ গতিত দেশী বিদেশী সুৰা প্ৰচলনৰ সম্পৰ্কত অঞ্চলটোৰ ৰাইজে গাওঁৰক্ষী বাহিনী, সাপেখাতী আৰক্ষী ,আৱকাৰী বিভাগত বহুবাৰ আবেদন নিবেদন জনোৱাৰ পাছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ অতিষ্ঠ হৈ পৰিছে ।সেয়ে  আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ হোলোঙামৰা শাখাৰ উদ্যোগত অঞ্চলটোৰ শতাধিক ৰাইজে ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে।অঞ্চলটোৰ ৰাইজে  হাতে হাতে প্লে'কাৰ্ড লৈ চুলাই মদ বন্ধ কৰক,চুলাই মদ বিক্ৰী কৰি শৈক্ষিক পৰিৱেশ ধ্বংস নকৰিব ,অৰুণাচলী মদ বিক্ৰী বন্ধ কৰক।গাওঁ বচাওক,পৰিয়াল বচাওক, অসম আৰক্ষী হায় হায়, আৱকাৰী বিভাগ হায় হায় আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে । স্থানীয় ৰাইজে আৰক্ষী তথা জিলা প্ৰশাসনক অবৈধ চুলাই মদ বেহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অহা পোন্ধৰ দিনৰ ভিতৰত চুলাই মদ বিক্ৰী বন্ধ নকৰিলে, গাঁৱত  যিকোনো পৰিস্থিতিৰ  সৃষ্টি হলে আৰক্ষী প্ৰশাসন  জগৰীয়া হব  বুলি অঞ্চলটোৰ ৰাইজে মত প্ৰকাশ কৰিছে