ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ ঃ অহা নৱেম্বৰ মাহত ৰাজ্যৰ সকলো ধৰণৰ চৰকাৰী মাদ্ৰাছা বন্ধ হ’ব। নৱেম্বৰৰ পৰা চৰকাৰী মাদ্ৰাছাসমূহ সাধাৰণ ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ ঃ অহা নৱেম্বৰ মাহত ৰাজ্যৰ সকলো ধৰণৰ চৰকাৰী মাদ্ৰাছা বন্ধ হ’ব। নৱেম্বৰৰ পৰা চৰকাৰী মাদ্ৰাছাসমূহ সাধাৰণ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ হ’ব। ইতিমধ্যে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নৱেম্বৰত ইয়াৰ নিৰ্দেশনা জাৰি কৰিব। ৰাজ্যৰ ৬১০খন চৰকাৰী মাদ্ৰাছা বন্ধ কৰি সাধাৰণ শিক্ষানুষ্ঠান ৰূপে গঢ় দিব। মাদ্ৰাছাসমূহৰ শিক্ষকসকলৰ চাকৰি নাযায়। তেওঁলোকে দৰমহা লাভ কৰিব। আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মাদ্ৰাছাসমূহত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসক, অভিযন্তা হ’ব খোজে। কিন্তু তেওঁলোকৰ শিক্ষা ব্যৱস্থা কোন পৰ্যায়ত চলিছে সেয়া নাজানে। সেয়ে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী মাদ্ৰাছাসমূহ সাধাৰণ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সমস্ত বিষয় সন্দৰ্ভত মাদ্ৰাছাৰ শিক্ষাৰ্থী, বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনা কৰা হৈছে। কোনেও মাদ্ৰাছা থকাটো নিবিচাৰে।
আনহাতে টোলসমূহ এতিয়াৰে পৰা কুমাৰ ভাস্কৰ বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব। এই টোলসমূহত ভাৰতীয় সংস্কৃতিৰ অধ্যয়ন কেন্দ্ৰ হিচাপে গঢ় দিয়া হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰাইভেট মাদ্ৰাছাসমূহ বন্ধ কৰা নহ’ব। যিসমূহ মাদ্ৰাছা বোৰ্ডৰ অধীনত পৰিচালিত হয় সেই মাদ্ৰাছাসমূহ বন্ধ কৰা হ’ব। ৰাজ্যত ৬১০খন মাদ্ৰাছা আছে। শেহতীয়াকৈ প্ৰাদেশীকৰণৰ বাবে তালিকাভুক্ত হৈ আছে ৩০০তকৈও অধিক মাদ্ৰাছা। এই মাদ্ৰাছাসমূহ যদি আৰু প্ৰাদেশীকৰণ কৰা হয় তেনেহ’লে ১ হাজাৰতকৈও অধিক হ’ব। এতিয়া যদি বন্ধ কৰা নহয় তেন্তে বেয়াৰ পিনে ঢাল খাব। সেয়ে চৰকাৰী মাদ্ৰাছাসমূহ সাধাৰণ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰা হ’ব আৰু তাতেই ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণ বিষয়ৰ শিক্ষা লাভ কৰিব।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই মাদ্ৰাছাৰ অৰ্হতাক লৈও বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি হৈছিল। মাদ্ৰাছাৰ শিক্ষাৰ্থীৰ অৰ্হতা এগৰাকী মেট্ৰিকত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সমকক্ষ। সেয়ে এই সমপৰ্যায়ৰ ব্যৱস্থাটোকে আঁতৰাই দিয়া হ’ব। ইপিনে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে হাই মাদ্ৰাছাসমূহ বন্ধ কৰা নহ’ব। কিয়নো সেই হাই মাদ্ৰাছাসমূহত ছেবাৰ অধীনত পৰীক্ষা অনুষ্ঠিত হয়। ৯০ শতাংশ সাধাৰণ বিষয়ৰ পাঠদান চলে। সেয়ে হাই মাদ্ৰাছাসমূহ বন্ধ কৰাৰ প্ৰয়োজন নাই। ইপিনে মন্ত্ৰী গাকীয়ে লগতে কয় যে নৱেম্বৰত মাদ্ৰাছাসমূহত নীতি-নিৰ্দেশনা জাৰি কৰা হ’ব।
No comments